নুমলীগড়ৰ বচাপথাৰ অঞ্চলত আবকাৰী চোৰাংচোৱা বিভাগৰ বৃহৎ অভিযান, লালিগুৰ, ফিটকিৰি জব্দ
গোলাঘাট, ১৭ জুলাই (হি.স.)। নুমলীগড়ৰ বচাপথাৰ অঞ্চলত আবকাৰী চোৰাংচোৱা বিভাগৰ বৃহৎ অভিযান। প্ৰায় ২০ লাখ টকাৰ অধিক মূল্যৰ অবৈধ লালিগুৰ, ফিটগিৰি আৰু এখন মালবাহী মিনি ট্ৰাক জব্দ। ঘটনাৰ মূল অভিযুক্ত ৰাজিব গগৈ ওৰফে ৰাজু পলাতক। গুৱাহাটীৰ পৰা অহা আবকাৰী
নুমলীগড়ৰ বচাপথাৰ অঞ্চলত আবকাৰী চোৰাংচোৱা বিভাগৰ বৃহৎ অভিযান, লালিগুৰ, ফিটকিৰি জব্দ


গোলাঘাট, ১৭ জুলাই (হি.স.)। নুমলীগড়ৰ বচাপথাৰ অঞ্চলত আবকাৰী চোৰাংচোৱা বিভাগৰ বৃহৎ অভিযান। প্ৰায় ২০ লাখ টকাৰ অধিক মূল্যৰ অবৈধ লালিগুৰ, ফিটগিৰি আৰু এখন মালবাহী মিনি ট্ৰাক জব্দ। ঘটনাৰ মূল অভিযুক্ত ৰাজিব গগৈ ওৰফে ৰাজু পলাতক।

গুৱাহাটীৰ পৰা অহা আবকাৰী চোৰাংচোৱা বিভাগৰ দলে কমাৰগাঁও আৰক্ষীৰ সহযোগত নুমলীগড়ৰ বচাপথাৰ অঞ্চলত এক অতৰ্কিত অভিযান চলায়।

অভিযানত কমাৰগাঁও বচাপথাৰৰ বাসিন্দা ৰাজিব গগৈ ওৰফে ৰাজুৰ বিলাসী বাসগৃহত থকা বিভিন্ন গোপন কোঠাৰ লগতে কাষৰ আন এটা বাসগৃহৰ পৰা প্ৰায় ২০ লাখ টকাৰ অধিক মূল্যৰ অবৈধ লালিগুৰ আৰু প্ৰায় ৫০ হাজাৰ টকাৰ ফিটগিৰি জব্দ কৰা হয়। লগতে এখন মালবাহী মিনি ট্ৰাকো জব্দ কৰা হৈছে।

ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত ৰাজিব গগৈ ওৰফে ৰাজুৰ নাম পোহৰলৈ আহিছে। অৱশ্যে অভিযানৰ সময়তেই তেওঁ পলায়ন কৰে।

দণ্ডাধীশৰ উপস্থিতিত জব্দকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পিছত কমাৰগাঁও আৰক্ষীয়ে ঘটনাটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে।

অভিযুক্তক আটক কৰিবলৈ আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande