হাইলাকান্দিত ৪৯ কেজি নিষিদ্ধ গোমাংস জব্দ আৰক্ষীৰ
হাইলাকান্দি, ১৭ জুলাই (হি.স.)। হাইলাকান্দিত অবৈধ কচাইখানাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত ! অভিযানত জব্দ ৪৯ কেজি নিষিদ্ধ গোমাংস । হাইলাকান্দি জিলাত অবৈধ কচাইখানা আৰু বেআইনীভাৱে গো:মাংস বিক্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত । বৃহস্পতিবাৰে আলগাপ
হাইলাকান্দিত ৪৯ কেজি নিষিদ্ধ গোমাংস জব্দ আৰক্ষীৰ


হাইলাকান্দি, ১৭ জুলাই (হি.স.)। হাইলাকান্দিত অবৈধ কচাইখানাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত ! অভিযানত জব্দ ৪৯ কেজি নিষিদ্ধ গোমাংস ।

হাইলাকান্দি জিলাত অবৈধ কচাইখানা আৰু বেআইনীভাৱে গো:মাংস বিক্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত । বৃহস্পতিবাৰে আলগাপুৰত চলোৱা এক বিশেষ অভিযানত আৰক্ষীয়ে এখন অবৈধ কচাইখানাৰ পৰা প্ৰায় ৪৯ কেজি গোমাংস এটা ওজন জোখা যন্ত্ৰ আৰু জবাইৰ কামত ব্যৱহাৰ কৰা কেইবাটাও ধাৰালো অস্ত্ৰ জব্দ কৰে।

জানিব পৰা মতে জব্দ হোৱা অবৈধ কচাইখানাটো মতিউৰ ৰহমান লস্কৰ ওৰফে লালন আৰু আবুল হুছেইন লস্কৰে পৰিচালনা কৰি আহিছিল।

আলগাপুৰ আৰক্ষীয়ে জনোৱা মতে হাইলাকান্দি জিলাত অবৈধ কচাইখানা আৰু বেআইনীভাৱে গোমাংস বিক্ৰীৰ বিৰুদ্ধে চলি থকা এই বিশেষ অভিযান আগন্তুক দিনসমূহতো অব্যাহত থাকিব। জব্দ কৰা মাংস আৰু অন্যান্য সামগ্ৰী জব্দ তালিকাভুক্ত কৰি সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে আলগাপুৰ আৰক্ষীয়ে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande