গোৱালপাৰাত কাঠ ভৰ্তি ট্ৰাক জব্দ
গোৱালপাৰা, ১৭ জুলাই (হি.স.)। ৰাজ্যত অৱ্যাহত আছে বন ধ্বংস যজ্ঞ। বন মন্ত্ৰীৰ কঠোৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশ বন মাফিয়াই। বন মাফিয়াৰ নাকি লগাবলৈ দিনে নিশাই অভিযান অৱ্যাহত ৰাখিছে গোৱালপাৰা বন বিভাগে। গোৱালপাৰা আঞ্চলিক বন বিষয়া পবিত্ৰ ৰয়ে নিশা এক অভিয
গোৱালপাৰাত কাঠ ভৰ্তি ট্ৰাক জব্দ


গোৱালপাৰা, ১৭ জুলাই (হি.স.)। ৰাজ্যত অৱ্যাহত আছে বন ধ্বংস যজ্ঞ। বন মন্ত্ৰীৰ কঠোৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশ বন মাফিয়াই। বন মাফিয়াৰ নাকি লগাবলৈ দিনে নিশাই অভিযান অৱ্যাহত ৰাখিছে গোৱালপাৰা বন বিভাগে।

গোৱালপাৰা আঞ্চলিক বন বিষয়া পবিত্ৰ ৰয়ে নিশা এক অভিযান চলাই জুই শলাত ব্যৱহাৰ কৰিব অনা এখন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে। গোৱালপাৰা পঞ্চৰত্নৰ পৰা জব্দ কৰি অনা এ এচ ১৮ চি ৯৭২৭ নম্বৰৰ ট্ৰাকখনত প্ৰায় লক্ষাধিক টকাৰ জুইশলাৰ কাঠ জব্দ কৰা বুলি জানিব দিয়ে গোৱালপাৰা আঞ্চলিক বন বিষয়া পবিত্ৰ ৰয়ে। জানিব পৰা মতে, জুই শলাত ব্যবহাৰ কৰিব অনা কাঠখিনি মৰনৈস্হিত ইথানেল কোম্পানিলৈ নি থকা অৱস্হাত জব্দ কৰে। এই কটা গছ সমুহ বৰপেটা জিলাৰ পৰা অনা হয় বুলি জানিব দিয়ে আঞ্চলিক বন বিষয়া গৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande