
দৰং,১৭ জুলাই (হি.স.)। মঙ্গলদৈত সোন চুৰিৰ লগত জড়িত পাছ গৰাকীক গ্ৰেপ্তাৰ।
পাছ গৰাকীৰ ভিতৰত তিনি গৰাকী মহিলা।
হোজাই জিলাৰ পৰা সোন চুৰি কৰিবলৈ আহি ধৰা পৰে তিনিজন।
দৰঙৰ বিভিন্ন অঞ্চলত ঘৰে ঘৰে গৈ সোন পৰিস্কাৰ কৰাৰ চলেৰে মহিলাৰ পৰা সোন লৈ উধাউ হয় এই কেইগৰাকীয়ে।
বিভিন্ন জনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে কৌশলেৰে খাৰুপেটিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে আটাইকে।
গ্ৰেপ্তাৰ হোৱা হোজাই জিলাৰ তিনি চোৰ ক্ৰমে আৰিফ উদ্দিন,প্ৰিয়ংকা চৌধুৰী আৰু পাৰবিনা বেগম।
আনহাতে খাৰুপেটিয়াৰ বালুগাওঁৰ চিৰাজুল আলি আৰু খাৰুপেটিয়াৰ ৰবিনা খাতুন।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা