
দৰং, ১৭ জুলাই (হি.স.)। মঙ্গলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনা।
ঠিতাতে নিহত এজন যুৱক।
নিহত যুৱক জনক বংলাগড় খৈৰা পাৰাৰ প্ৰশান্ত ডেকা বুলি জানিব পৰা গৈছে।
মঙ্গলদৈ থানাৰ অন্তৰ্গত বঙলাগড়ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বাইকেৰে গৈ থকা অৱস্থাত অচিনাকি বাহনে মহতিয়াই নিয়ে এজন যুৱকক।
যুৱক জন বঙলাগড় খৈৰাপাৰাৰ প্ৰশান্ত ডেকা বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা সংঘটিত কৰি বাহন খন পলায়ন কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা