
শোণিতপুৰ, ১৭ জুলাই (হি.স.)। অসমৰ শতিকা পুৰণি মাজবাট ৰেল ষ্টেচন অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিকীকৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উদ্বোধন কৰিব।
প্ৰায় ১০ কোটি টকা ব্যয় কৰি ষ্টেচনটো আধুনিকীকৰণ কৰা হৈছে। যাত্ৰী সকলৰ সুবিধাৰ বাবে আধুনিক সুবিধা সমূহ বিকশিত কৰা হৈছে, যাৰ ফলত অঞ্চলটোৰ ৰেল সেৱা আৰু যাত্ৰীৰ সুবিধা সমূহৰ যথেষ্ট উন্নতি হৈছে।
মাজবাট ৰেলৱে ষ্টেচন হৈছে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিকীকৰণ কৰা অসমৰ দ্বিতীয়টো ৰেলৱে ষ্টেচন, আৰু ইয়াক ৰাজ্যৰ ৰে'ল আন্তঃগাঁথনি উন্নয়ন আৰু সংযোগৰ উন্নতিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সাফল্য হিচাপে বিবেচিত হৈছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ