জলেশ্বৰত নতুন ৰাজহ চক্ৰ গঠনৰ মুখ্যমন্ত্ৰীৰ ঘোষণাত উৎফুল্লিত জলেশ্বৰবাসী
গোৱালপাৰা, ১৭ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্ৰীৰ সদ্য ঘোষিত নতুনকৈ ৰাজহ চক্ৰ গঠনৰ বাতৰিয়ে উৎফুল্লিত কৰিছে জলেশ্বৰবাসীক । অসমৰ ১৪ টা সমষ্টিত নতুনকৈ ৰাজহ চক্ৰ গঠনৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে । এই ১৪ টা সমষ্টিৰ তালিকাত জলেশ্বৰ সমষ্টিও অন্তর
জলেশ্বৰত নতুন ৰাজহ চক্ৰ গঠনৰ মুখ্যমন্ত্ৰীৰ ঘোষণাত উৎফুল্লিত জলেশ্বৰবাসী


গোৱালপাৰা, ১৭ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্ৰীৰ সদ্য ঘোষিত নতুনকৈ ৰাজহ চক্ৰ গঠনৰ বাতৰিয়ে উৎফুল্লিত কৰিছে জলেশ্বৰবাসীক । অসমৰ ১৪ টা সমষ্টিত নতুনকৈ ৰাজহ চক্ৰ গঠনৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে । এই ১৪ টা সমষ্টিৰ তালিকাত জলেশ্বৰ সমষ্টিও অন্তর্ভুক্ত । কাজেই , এতিয়া উৎফুল্লিত সমষ্টিৰ ৰাইজ । সমষ্টিটোৰ জলেশ্বৰ বজাৰত আনন্দ-উছাহ কৰিছে ৰাইজে ।

এওঁলোকৰ দীৰ্ঘদিনীয়া অপূৰণীয় অভাব এতিয়া আগবাঢ়িব পূৰনৰ দিশে । জলেশ্বৰ সমষ্টিত স্থাপন হ'ব ৰাজহ চক্ৰৰ কাৰ্যালয় । মুখ্যমন্ত্রী হিমন্তৰ এই কাৰ্য দক্ষতাক এতিয়া শলাগ লৈছে সমষ্টিবাসী ।

মুখ্যমন্ত্রী হিমন্তই ৰাজহ চক্ৰ গঠন সম্পৰ্কত জলেশ্বৰবাসীক দিলে অমূল্য উপহাৰ । ফলত , মুখ্যমন্ত্রী লৈ ৰাইজে আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

মুখ্যমন্ত্রীগৰাকী ভাল তথা ইতিবাচক মনোবৃত্তিৰ বাৰে পিছপৰা সমষ্টি জলেশ্বৰত ৰাজহ চক্ৰ কাৰ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে । কাজেই , সমষ্টিটোৰ ভিন্ন প্ৰান্তত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কৰ্ম দক্ষতাক স্বীকাৰ কৰি ভূয়সী প্ৰশংসাত উপস্থিত ৰাইজ ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande