
গোৱালপাৰা, ১৭ জুলাই (হি.স.)। গোৱালপাৰাৰ লক্ষীপুৰত বনৰীয়া হাতীৰ জাকৰ বিচৰণ । প্ৰায় এমাহ কুমাৰখালী প্লানটেচন (বাগান )ত থকাৰ পিছত ওলাই আহে আমবাৰী - কাশীবাৰী বনাঞ্চললৈ ।
প্ৰায় ৪০/৪৫ টা হাতীৰ জাক এটাৰ দুটা হাতী লক্ষীপুৰ - কাশীবাৰী পথত দীৰ্ঘ সময় ধৰি কৰে বিচৰণ । পথত বিচৰণ কৰাত প্ৰায় তিনি ঘণ্টা সময় পথটোৰ যাতায়াত বন্ধ হৈ পৰে । ইয়াৰ পিছত কেইবাটাও হাতীৰ পুখুৰীত নামি হাতীৰ জলকেলী । সন্ধিয়াত হাতীৰ জাকটো কাশীবাৰী ফিল্ডত চলায় উপদ্ৰৱ । মুঠতে নিশা হোৱাৰ লগে লগে হাতীৰ ভয়ত উজাগৰে থাকিবলগীয়া হৈছে গাওঁৰ লোক সকলে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা