

মৰিগাঁও, ১৭ জুলাই (হি.স.)। লাহৰীঘাটৰ ভূৰাগাঁও আৰক্ষীৰ গাঞ্জাবিৰোধী বৃহৎ অভিযান।
বৃহৎ পৰিমাণৰ গাঞ্জা সহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী। নিশা ভূৰাগাঁও আৰক্ষীয়ে চলোৱা অভিযানত শালমাৰা গাঁওৰ পৰা ৫৫.৪৮ কেজি গাঞ্জাসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। ধৃত মহিলা গৰাকী কল্পনা ৰাভা। বৰ্তমান ধৃত মহিলা সৰবৰাহকাৰী গৰাকী আৰক্ষীৰ জিম্মাত আছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আৰক্ষীৰ।
হিন্দুস্থান সমাচাৰ / Narayan Kar