লাহৰীঘাটত ৫৫.৪৮ কেজি গাঞ্জা সহ মহিলা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
মৰিগাঁও, ১৭ জুলাই (হি.স.)। লাহৰীঘাটৰ ভূৰাগাঁৱত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা সহ গ্ৰেপ্তাৰ মহিলা সৰবৰাহকাৰী। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্য়ৰ ভিত্তিত ভূৰাগাঁও আৰক্ষীয়ে নিশা অভিযান চলাই শলমাৰী গাঁৱৰ পৰা ৫৫.৪৮ কেজি গাঞ্জা সহ মহিলা সৰবৰাহকাৰী গৰ
লাহৰীঘাটত ৫৫.৪৮ কেজি গাঞ্জা সহ মহিলা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ


মৰিগাঁও, ১৭ জুলাই (হি.স.)। লাহৰীঘাটৰ ভূৰাগাঁৱত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা সহ গ্ৰেপ্তাৰ মহিলা সৰবৰাহকাৰী। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্য়ৰ ভিত্তিত ভূৰাগাঁও আৰক্ষীয়ে নিশা অভিযান চলাই শলমাৰী গাঁৱৰ পৰা ৫৫.৪৮ কেজি গাঞ্জা সহ মহিলা সৰবৰাহকাৰী গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

ধৃত সৰবৰাহকাৰী গৰাকীৰ নাম কল্পনা ৰাভা। তেও দিৰ্ঘ দিনৰ পৰা অঞ্চলটোত গাঞ্জাৰ ৰমৰমীয়া বেহা চলাই আছিল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande