কামাখ্যা কৰিডৰ আৰু মিছন বসুন্ধৰা ৪.০কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণাঃ মুখ্যমন্ত্ৰী
গুৱাহাটী, ১৭ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে গভীৰ নিশা ফেচবুক লাইভৰ এক অনুষ্ঠানত ধৰ্ম, ভূমি সংস্কাৰ, কৰ্মসংস্থাপন, নগৰ উন্নয়ন, চাহ উদ্যোগৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে কাম
Image of the Assam CM Dr Himanta Biswa Sarma's facebook live.


গুৱাহাটী, ১৭ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে গভীৰ নিশা ফেচবুক লাইভৰ এক অনুষ্ঠানত ধৰ্ম, ভূমি সংস্কাৰ, কৰ্মসংস্থাপন, নগৰ উন্নয়ন, চাহ উদ্যোগৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে কামাখ্যা কৰিডৰটো কাশী বিশ্বনাথ কৰিডৰৰ লাইনত নিৰ্মাণ কৰা হ’ব, যাৰ ব্যয় হ’ব প্ৰায় ₹৫০০ কোটি।

তেওঁ উল্লেখ কৰে যে মিছন বসুন্ধৰাৰ পৰা এতিয়ালৈকে ১০ লাখতকৈ অধিক পৰিয়াল উপকৃত হৈছে। অহা ২৫ ডিচেম্বৰত আৰম্ভ হ’ব মিছন বসুন্ধৰা ৪.০। ভূমি সম্পৰ্কীয় অভিযোগ আৰু পৰামৰ্শৰ বাবেও শীঘ্ৰেই মুকলি কৰা হ’ব এক নিবেদিত পৰ্টেল।

মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে গুৱাহাটীৰ উৰণীয়া সেতুত উলম্ব বাগিচা সৃষ্টিৰ কাম আৰম্ভ হৈছে, আৰু ৰাজ্যৰ আন আন চহৰৰ উৰণীয়া সেতুতো অনুৰূপ পদক্ষেপ ৰূপায়ণ কৰা হ’ব ৷

দুই লাখ চৰকাৰী চাকৰিৰ প্রতিশ্রুতি পূৰণৰ বাবে এই প্রক্রিয়া ক্ষিপ্ৰতাৰে কৰা হৈছে বুলিও তেওঁ কয়৷ অহা ৬ আৰু ৭ আগষ্টৰ পৰা নিজুত মইনা আৰু নিজুত বাবু আঁচনিৰ প্ৰমাণ পত্ৰ বিতৰণ কৰা হ'ব ।

ড° শৰ্মাই লাচিত বৰফুকনৰ জীৱনৰ ওপৰত এখন হিন্দী ছবি নিৰ্মাণৰ পৰিকল্পনাও ঘোষণা কৰে ।

মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ মাচা চাহক বিশ্বৰ বজাৰত প্ৰচাৰ কৰা হৈছে । তদুপৰি চিটিচি চাহ ৰপ্তানিৰ প্ৰসাৰৰ বাবে ৰপ্তানিকাৰকসকলক চৰকাৰী প্ৰৰোচনা (সাহায্য) প্ৰদান কৰা হ’ব ।

-----------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande