জাগীৰোড আৰক্ষীৰ জালত দুই কুখ্যাত চাইবাৰ অপৰাধী
গুৱাহাটী, ১৭ জুলাই (হি.স.)। জাগীৰোড আৰক্ষীৰ জালত দুই কুখ্যাত চাইবাৰ অপৰাধী৷ জাগীৰোড আৰক্ষীয়ে আটক কৰে বৰপেটা জিলাৰ ভালুকি গাঁৱৰ জিয়াৰুল হক আৰু বাক্সা জিলাৰ মৈৰাঝাৰ গাঁৱৰ আকতাৰ আলীক৷ এই দুই অপৰাধী চাইবাৰ ক্ৰাইমৰ মাষ্টাৰমাইণ্ড। আকতাৰ আলীৰ চিএছপি চেন্
জাগীৰোড আৰক্ষীৰ জালত দুই কুখ্যাত চাইবাৰ অপৰাধী৷


জাগীৰোড আৰক্ষীৰ জালত দুই কুখ্যাত চাইবাৰ অপৰাধী৷


গুৱাহাটী, ১৭ জুলাই (হি.স.)। জাগীৰোড আৰক্ষীৰ জালত দুই কুখ্যাত চাইবাৰ অপৰাধী৷ জাগীৰোড আৰক্ষীয়ে আটক কৰে বৰপেটা জিলাৰ ভালুকি গাঁৱৰ জিয়াৰুল হক আৰু বাক্সা জিলাৰ মৈৰাঝাৰ গাঁৱৰ আকতাৰ আলীক৷ এই দুই অপৰাধী চাইবাৰ ক্ৰাইমৰ মাষ্টাৰমাইণ্ড। আকতাৰ আলীৰ চিএছপি চেন্টাৰৰ পৰা দুয়োৱে চলাইছিল অপৰাধ সাম্ৰাজ্য ।

বিভিন্ন লোকৰ নথি-পত্ৰ জালিয়াতিৰে কৰি আহিছিল চাইবাৰ ক্ৰাইম৷ বিভিন্ন প্ৰলোভনেৰে সহজ-সৰল মানুহৰ নথি সংগ্ৰহ কৰি চাইবাৰ ক্ৰাইম অব্যাহত ৰাখিছিল দুয়োৱে৷ জাগীৰোড আৰক্ষী থানাত ১৬৩/২৬ নম্বৰৰ এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে চাইবাৰ অপৰাধী জিয়াৰুল হক আৰু আকতাৰ আলীক৷

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande