বৰপেটাৰ বিভিন্ন প্ৰান্তত জল জীৱন মিছনৰ পানী যোগান আঁচনি বিকল
বৰপেটাৰ বিভিন্ন প্ৰান্তত চূড়ান্ত ভেকোঁভাওনাত পৰিণত হৈছে জল জীৱন মিছনৰ পানী যোগান আঁচনি।
বৰপেটাৰ বিভিন্ন প্ৰান্তত জল জীৱন মিছনৰ পানী যোগান আঁচনি বিকল


বৰপেটা, ১৭ জুলাই (হি.স.): বৰপেটাৰ বিভিন্ন প্ৰান্তত চূড়ান্ত ভেকোঁভাওনাত পৰিণত হৈছে জল জীৱন মিছনৰ পানী যোগান আঁচনি । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত কোটি কোটি টকা ব্যয় কৰাৰ পাছতো এটুপি বিশুদ্ধ খোৱাপানী পোৱা নাই ৰাইজে। জিলাখনৰ চেঙা সমষ্টিৰ নিৰলা এন চি গাঁৱৰ ৭৫ লাখ টকীয়া জল জীৱনৰ পানী যোগান আঁচনিখনৰ নিৰ্মাণকাৰ্য আজি চাৰি বছৰে সম্পূৰ্ণ নহ’ল ।

সম্প্ৰতি অৰ্ধ নিৰ্মীত অৱস্থাতে সম্প্ৰতি হাবি-জংঘলে আৱৰি ধৰিছে পানী যোগান আঁচনিৰ গৃহ । এনে পৰিস্থিতিত বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিছে গাঁওবাসীয়ে। গাঁওখনৰ শ শ পৰিয়ালে দমকলৰ আইৰণযুক্ত পানী সেৱন কৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈছে । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱহেলাৰ বাবেই অৰ্ধনিৰ্মীত অৱস্থাতে পৰি আছে নিৰলা গাঁৱৰ পানী যোগান আঁচনিটো। শীঘ্ৰে আঁচনিটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি গাঁওবাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগক দাবী জনাইছে অঞ্চলবাসী ৰাইজে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande