
গুৱাহাটী, ১৭ জুলাই (হি.স.)। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ কৰ্তৃপক্ষই ঘোষণা কৰিছে যে ২০ জুলাইৰ মাজনিশা ১২ বাজি ১ মিনিটৰ পৰা ইণ্ডিগ’ৰ সকলো বিমান সেৱা নতুন টি-২ টাৰ্মিনেলৰ পৰা পৰিচালিত হ’ব।
এতিয়াৰে পৰা গুৱাহাটী বিমানবন্দৰত ইণ্ডিগ’ৰ সকলো বিমানৰ চলাচল টি-২ টাৰ্মিনেলৰ পৰা পৰিচালিত হ'ব। এই নতুন ব্যৱস্থাই যাত্ৰীসকলক আধুনিক আৰু উচ্চমানৰ ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰিব। অঞ্চলটোৰ ক্ৰমবৰ্ধমান বিমান যাত্ৰাৰ চাহিদা পূৰণৰ লক্ষ্যৰে পৰিকল্পিত নতুন টাৰ্মিনেলটোৰ ফলত গুৱাহাটী বিমানবন্দৰৰ কাৰ্যক্ষমতা বৃদ্ধি পোৱাৰ লগতে যাত্ৰীসকলে বিশ্বমানৰ সা-সুবিধা লাভ কৰিব। নতুন টাৰ্মিনেলটো অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি লক্ষ্য ৰাখি এক ব্যতিক্ৰমী বাঁহৰ নক্সাৰে নিৰ্মাণ কৰা হৈছে। এই আৰ্হি উত্তৰ-পূবৰ স্বকীয় পৰিচয় বাহক আৰু ইয়াৰ আন্তঃগাঁথনি আধুনিক আৰু পৰিৱেশ অনুকূল আৰ্হিৰ। উৎকৃষ্ট আৰ্হিৰ বাবে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰা এই টাৰ্মিনেলটো ভাৰতৰ অন্যতম আধুনিক বিমানবন্দৰ হিচাপে পৰিগণিত হৈছে। একে সময়তে ই উত্তৰ- পূৰ্বাঞ্চলত যাত্ৰী সেৱাৰ নতুন মানদণ্ডও স্থাপন কৰিছে।
অহা ২০ জুলাইৰ পৰা ইণ্ডিগ’ৰ বিমানেৰে ভ্ৰমণ কৰিবলগীয়া যাত্ৰীসকলক চেক ইন, নিৰাপত্তা পৰীক্ষা আৰু বৰ্ডিং প্ৰক্ৰিয়াৰ বাবে পোনপটীয়াকৈ নতুন টি-২ টাৰ্মিনেললৈ যাবলৈ অনুৰোধ জনোৱা হ'ল। যাত্ৰীসকলৰ সুবিধাৰ্থে আৰু স্থানান্তৰ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিবলৈ বিমানবন্দৰ কৰ্তৃপক্ষই ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে বিমানবন্দৰ চৌহদত স্পষ্ট দিশ সূচক চিহ্ন, তথ্য প্ৰদৰ্শন ফলক আৰু বিশেষ সহায়ক কৰ্মী নিয়োগ কৰা হৈছে।
ইণ্ডিগ’ৰ বিমান চলাচলৰ এই স্থানান্তৰে নতুন টাৰ্মিনেলটো পৰ্যায়ক্ৰমে কাৰ্যক্ষম কৰাৰ দিশত আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্পৰ্শ কৰিলে। উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ ৰূপে গুৱাহাটী বিমানবন্দৰৰ বিমান সংযোগ ব্যৱস্থা উন্নত কৰা আৰু যাত্ৰীসকলক উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিক ই পুনৰ প্ৰমাণিত কৰিছে।
যাত্ৰীসকলক আগতীয়াকৈ ইণ্ডিগ’ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি বিমানৰ সবিশেষ সময় পৰীক্ষা কৰিবলৈ আৰু যাত্ৰাৰ পূৰ্বে পৰ্যাপ্ত সময় হাতত লৈহে বিমানবন্দৰত উপস্থিত হ’বলৈ অনুৰোধ জনোৱা হ'ল।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী