নুমলীগড়ৰ ধনশিৰীত অবৈধ বালি খনন অব্যাহত
গোলাঘাট, ১৭ জুলাই (হি.স.)। গোলাঘাট জিলাৰ নুমলীগড়ৰ ধনশিৰী নৈৰ পাৰঘাটত পুনৰ অব্যাহত থকা অবৈধ বালি খননক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। বন বিভাগৰ ডিএফঅ'' মুকুট চন্দ্ৰ দাসৰ বিৰুদ্ধে বালি মাফিয়াক প্ৰশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন হৈছে। ধনশিৰী পাৰঘাটত দিনে-নিশ
নুমলীগড়ৰ ধনশিৰীত অবৈধ বালি খনন অব্যাহত


গোলাঘাট, ১৭ জুলাই (হি.স.)। গোলাঘাট জিলাৰ নুমলীগড়ৰ ধনশিৰী নৈৰ পাৰঘাটত পুনৰ অব্যাহত থকা অবৈধ বালি খননক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। বন বিভাগৰ ডিএফঅ' মুকুট চন্দ্ৰ দাসৰ বিৰুদ্ধে বালি মাফিয়াক প্ৰশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন হৈছে। ধনশিৰী পাৰঘাটত দিনে-নিশাই চলি থকা বালি নিষ্কাশনৰ দৃশ্য এয়া। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশনাৰ পিছতো বন্ধ হোৱা নাই অবৈধ বালি খনন।

বন বিভাগ, ভূতত্ত্ব আৰু খনি বিভাগ আৰু পৰিবেশ বিভাগৰ নীতি-নিয়ম উলংঘা কৰি একাংশই অবাধে চলাই আছে বালি নিষ্কাশন। এইক্ষেত্ৰত নুমলীগড়ৰ বিট অফিচাৰ আইহোম শ্যামেও হাত উজান দিয়াৰ অভিযোগ উঠিছে।ধনশিৰী পাৰঘাটত অবৈধ বালি খননৰ অভিযোগ।যন্ত্ৰপাতি ব্যৱহাৰৰ অভিযোগ।বিভাগীয় নীতি-নিয়ম উলংঘাৰ অভিযোগ। অভিযোগ অনুসৰি, চৰকাৰী ৱৰ্ক পাৰ্মিট কেৱল নিৰ্দিষ্ট কামৰ বাবে বালি ব্যৱহাৰৰ অনুমতি দিয়ে। কিন্তু সেই পাৰ্মিটৰ অপব্যৱহাৰ কৰি বাণিজ্যিকভাৱে বালি মহল চলোৱা হৈছে বুলি অভিযোগ উঠিছে। লগতে যন্ত্ৰপাতি ব্যৱহাৰ কৰি বালি নিষ্কাশন কৰাৰ অভিযোগো উত্থাপিত হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande