গোৱালপাৰাৰ আগিয়াৰ বজাৰত আনাৰস ক্ৰয় কৰিবলৈ ব্য়ৱসায়ীৰ ভীৰ
গোৱালপাৰা, ১৭ জুলাই (হি.স.)। গোৱালপাৰাৰ এখন বিশেষ বজাৰ। আগিয়াৰ বজাৰত এতিয়া আনাৰসৰ উভৈনদী । যিফালে চকু ফুৰাব সেইফালে কেৱল আপুনি দেখিব আনাৰস বা মাটিকঁঠাল। গোৱালপাৰা জিলাৰ নলংগাপাহাৰ আনাৰসৰ বাবে বিখ্যাত । নলঙ্গা পাহাৰৰ আনাৰস অতি মিঠা সোৱাদযুক্ত।
গোৱালপাৰাৰ আগিয়াৰ বজাৰত আনাৰস ক্ৰয় কৰিবলৈ ব্য়ৱসায়ীৰ ভীৰ


গোৱালপাৰা, ১৭ জুলাই (হি.স.)। গোৱালপাৰাৰ এখন বিশেষ বজাৰ। আগিয়াৰ বজাৰত এতিয়া আনাৰসৰ উভৈনদী । যিফালে চকু ফুৰাব সেইফালে কেৱল আপুনি দেখিব আনাৰস বা মাটিকঁঠাল।

গোৱালপাৰা জিলাৰ নলংগাপাহাৰ আনাৰসৰ বাবে বিখ্যাত । নলঙ্গা পাহাৰৰ আনাৰস অতি মিঠা সোৱাদযুক্ত।

গোৱালপাৰা জিলাৰ উপৰিও চুবুৰীয়া ৰাজ্য মেঘায়ৰ পৰাও আহিছে আনাৰস। নলঙা পাহাৰৰ আনাৰসৰ দাম প্ৰতি জোৰা ৮০ টকা আৰু মেঘালয়ৰ আনাৰস প্ৰতি জোৰা ২০/৩০টকা। বৰপেটা , বঙাইগাওঁ, ধুবুৰী জিলাৰ পৰা আনাৰস ক্ৰয় কৰিব আহিছে ব্যৱসায় সকল ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande