
গোলাঘাট, ১৭ জুলাই (হি.স.)। চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমান পত্ৰৰ বৃহৎ জালিয়াতি পোহৰলৈ আহিছে । চাহ জনগোষ্ঠীক বঞ্চিত কৰি ভুৱা প্ৰমান পত্ৰৰে অনা চাহ জনগোষ্ঠীৰ লোকে আদায় কৰিছে সুবিধা। ৰাজ্যত চাহ জনগোষ্ঠীৰ ভুৱা জাতিগত প্ৰমান পত্ৰলৈ একাংশ অনা চাহ জনগোষ্ঠীৰ লোকে শিক্ষাৰ পৰা চৰকাৰি চাকৰীলৈকে, সংৰক্ষনৰ পৰা পদোন্নতি লৈকে অন্যায় ভাৱে বিভিন্ন সুবিধা গ্ৰহণ কৰি আহিছে। ফলত বঞ্চিত হৱ লগা হৈছে প্ৰকৃত চাহ জনগোষ্ঠীৰ সন্তান ।
সৰুপথাৰত চাহ জনগোষ্ঠীৰ নামত তেনে একাধিক ভুৱা জাতিগত প্ৰমান পত্ৰ জালিয়াতিৰে ব্যৱহাৰ কৰি থকাৰ ঘটনা পোহৰলৈ আহিছে। সৰুপথাৰত ১২ গৰাকীকৈ অনা চাহ জনগোষ্ঠীৰ ব্যক্তিয়ে জালিয়াতিৰে চাহ জনগোষ্ঠীৰ ভুৱা জাতিগত প্ৰমান পত্ৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বৰপথাৰ শাখা আৰু চাহ জনজাতি জাতীয় সন্মিলনৰ গোলাঘাট জিলা সমিতিয়ে। ভুৱা জাতিগত প্ৰমান পত্ৰ ব্যৱহাৰ কৰা এই ১২ অভিযুক্তৰ ভিতৰত ৭ গৰাকী বৰপথাৰ মৌজাৰ দুৱৰণি গাওঁৰ, এগৰাকী বৰপথাৰ নগৰৰ এগৰাকী গেলাবিল অঞ্চলৰ আৰু বাকী ৩ গৰাকী বৰপথাৰ থানাৰ অন্তৰ্গত হুৰহুৰিয়া গাঁৱৰ নিবাসী বুলি চাহ জনগোষ্ঠী সংগঠন দুটাই উল্লেখ কৰিছে। আটছা বৰপথাৰ শাখাৰ সভাপতি সম্পাদক ক্ৰমে মন্টু মুড়া আৰু অতুল ভূমিজে সৰুপথাৰ সমজিলাৰ আয়ুক্তক প্ৰদান কৰা এক স্মাৰক পত্ৰত জালিয়াতিৰে চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমান পত্ৰ উলিয়াই লোৱা এই বাৰ গৰাকীলোকৰ নাম ঠিকনা আৰু প্ৰমান পত্ৰৰ প্ৰতিলিপি সহ উল্লেখ কৰিছে। এইসকল লোকে কেনে ধৰণৰ নথি পত্ৰৰ ভিত্তিত নিদিষ্ট জনগোষ্ঠীটোৰ জাতিগত প্ৰমান পত্ৰ লাভ কৰিবলৈ সক্ষম হ'ল তদন্ত কৰিবলৈ দাবী জনাইছে।
সৰুপথাৰ সমজিলা প্ৰশাসনে ইতিমধ্যে সংগঠনটোৰ দাবীৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে আৰু অভিযুক্ত সকলৰ নথি পত্ৰ পৰীক্ষা কৰিছে। উল্লেখ্য যে তদন্ত কালত অভিযুক্ত ১২ গৰাকীৰ ভিতৰত ৬ গৰাকীয়ে ইতিমধ্যে নিজকে চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ নহয় বুলি স্বীকাৰ কৰিছে আৰু জাতিগত প্ৰমান পত্ৰ বাতিল কৰিবলৈ আবেদন কৰিছে বুলিও জানিব পৰা গৈছে। ভুৱা জাতিগত প্ৰমান পত্ৰ বাতিলৰ আবেদন কৰিবলৈ বাধ্য হোৱা এইসকল হ'ল বিজয় প্ৰসাদ, কামদেৱ প্ৰসাদ, সুনিতা ৰাজভৰ, ৰাণী ৰাজভৰ, ৰাজকুমাৰ ৰাজভৰ আৰু দয়ানন্দ প্ৰসাদ বুলি জানিবলৈ দিছে আটছাৰ বিষয় ববীয়া সকলে।
ইপিনে চাহ জনগোষ্ঠীৰ ভুৱা জাতিগত প্ৰমান পত্ৰ অনা চাহ জনগোষ্ঠীৰ লোকে জালিয়াতিৰে উলিয়াই লৈ ব্যৱহাৰ কৰি প্ৰকৃত চাহ জনগোষ্ঠীৰ পিছপৰা সন্তানসকলক আসন সংৰক্ষন আৰু চৰকাৰী সুবিধাৰ পৰা বঞ্চিত কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে বিষয়টিৰ উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে আটছা আৰু চাহ জনজাতি জাতীয় সন্মিলনীৰ গোলাঘাট জিলা সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ