কলাইগাঁৱৰ পৰা বেংবাৰী, ভূটান সংযোগী পথৰ দুৰৱস্থা
ওদালগুৰি, ১৭ জুলাই (হি.স.)। মামাক অনুৰোধ জনাইছে স্থানীয় ৰাইজে। কলাইগাঁৱৰ পৰা বেংবাৰী, ভূটান সংযোগী পথৰ দুৰৱস্থা। কলাইগাঁও অঞ্চলৰ মেকেঞ্জি পথৰ দুৰৱস্থাই এতিয়া সাধাৰণ ৰাইজৰ বাবে মূৰৰ বিষ হৈ পৰিছে। দীঘলীয়া সময় ধৰি মেৰামতিৰ অভাৱত পথটো পৰিণত হৈছে এক
কলাইগাঁৱৰ পৰা বেংবাৰী, ভূটান সংযোগী পথৰ দুৰৱস্থা


ওদালগুৰি, ১৭ জুলাই (হি.স.)। মামাক অনুৰোধ জনাইছে স্থানীয় ৰাইজে। কলাইগাঁৱৰ পৰা বেংবাৰী, ভূটান সংযোগী পথৰ দুৰৱস্থা। কলাইগাঁও অঞ্চলৰ মেকেঞ্জি পথৰ দুৰৱস্থাই এতিয়া সাধাৰণ ৰাইজৰ বাবে মূৰৰ বিষ হৈ পৰিছে। দীঘলীয়া সময় ধৰি মেৰামতিৰ অভাৱত পথটো পৰিণত হৈছে এক বিপদসংকুল পথলৈ। ইয়াৰ মাজতে গধুৰ যান-বাহনৰ অবাধ চলাচলে অধিক জটিল কৰি তুলিছে পৰিস্থিতি।

পথটোৰ বিভিন্ন স্থানত সৃষ্টি হোৱা প্ৰকাণ্ড গাত আৰু ভগ্নদশাই প্ৰতিদিনে যাতায়ত কৰা লোক সকলক জ্বলা কলা খুৱাইছে। উল্লেখ্য যে, বিগত কেইমাহ পূৰ্বে ওদালগুৰি জিলা প্ৰশাসনে স্কুলীয়া সময়ত গধুৰ যান-বাহনৰ চলাচল অনিৰ্দিষ্ট কাললৈ নিষিদ্ধ কৰি জাননী জাৰি কৰিছিল। কিন্তু অভিযোগ অনুসৰি, সেই জাননীক সম্পূৰ্ণ অৱজ্ঞা কৰি বৰ্তমানো গধুৰ যান-বাহনসমূহে এই পথৰে চলাচল অব্যাহত ৰাখিছে। যাৰ ফলত স্থানীয় লোক সকলে অভিযোগ কৰিছে যে, বিভাগীয় কৰ্তৃপক্ষ সমূহে বিষয়টোত কোনো গুৰুত্ব আৰোপ কৰা নাই। আনহাতে একাংশই মামাক অনুৰোধ জনাইছে। মেকেঞ্জি পথটো ভাল কৰি দিয়ক মামা।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande