ছয়গাঁৱৰ কলহী নৈত উদ্ধাৰ যুৱকৰ মৃতদেহ
কামৰূপ, ১৭ জুলাই (হি.স.)। কলহী নৈত উদ্ধাৰ যুৱকৰ মৃতদেহ। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ কলহী নৈত উদ্ধাৰ হৈছে এগৰাকী যুৱকৰ মৃতদেহ৷ মৃতদেহটো ছয়গাঁও বাটাকুছিৰ জিতু নাথ বুলি জানিব পৰা গৈছে৷ মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল জিতু নাথ৷ ইতিমধ্যে যুৱক জনৰ নিৰুদ্দেশৰ ব
ছয়গাঁৱৰ কলহী নৈত উদ্ধাৰ যুৱকৰ মৃতদেহ


কামৰূপ, ১৭ জুলাই (হি.স.)। কলহী নৈত উদ্ধাৰ যুৱকৰ মৃতদেহ। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ কলহী নৈত উদ্ধাৰ হৈছে এগৰাকী যুৱকৰ মৃতদেহ৷ মৃতদেহটো ছয়গাঁও বাটাকুছিৰ জিতু নাথ বুলি জানিব পৰা গৈছে৷ মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল জিতু নাথ৷ ইতিমধ্যে যুৱক জনৰ নিৰুদ্দেশৰ বাতৰি সম্প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত৷

আজি শুকুৰবাৰে ছয়গাঁৱৰ চৌধুৰীখাটত কলহী নৈত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে৷ ঘটনাস্থলীত ছয়গাঁও আৰক্ষীৰ লগতে এছডিআৰএফ বাহিনী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande