বৰপেটা জিলাৰ বাঘবৰত পুনৰ চুৰিকাণ্ড
বৰপেটা, ১৭ জুলাই (হি.স.)। বৰপেটা জিলাৰ বাঘবৰত পুনৰ চুৰিকাণ্ড,মিলিজুলি সাপ্তাহিক বজাৰৰ গেলামালৰ দোকানৰ পৰা লক্ষাধিক টকাৰ সামগ্ৰী চুৰি। বৰপেটা জিলাৰ বাঘবৰ থানাৰ অন্তৰ্গত মিলিজুলি বজাৰত সংঘটিত হৈছে এক চুৰিকাণ্ড। মিলিজুলি সাপ্তাহিক বজাৰত অৱস্থিত এখন গে
বৰপেটা জিলাৰ বাঘবৰত পুনৰ চুৰিকাণ্ড


বৰপেটা, ১৭ জুলাই (হি.স.)। বৰপেটা জিলাৰ বাঘবৰত পুনৰ চুৰিকাণ্ড,মিলিজুলি সাপ্তাহিক বজাৰৰ গেলামালৰ দোকানৰ পৰা লক্ষাধিক টকাৰ সামগ্ৰী চুৰি। বৰপেটা জিলাৰ বাঘবৰ থানাৰ অন্তৰ্গত মিলিজুলি বজাৰত সংঘটিত হৈছে এক চুৰিকাণ্ড। মিলিজুলি সাপ্তাহিক বজাৰত অৱস্থিত এখন গেলামাল তথা মচলাৰ দোকানত উক্ত চুৰিকাণ্ড সংঘটিত হয়।

অভিযোগ অনুসৰি,সন্ধিয়া দোকান বন্ধ কৰি দোকানী ঘৰলৈ উভতি যোৱাৰ পিছত গভীৰ নিশা দুৰ্বৃত্তই দোকান খনৰ বেৰ কাটি ভিতৰত প্ৰৱেশ কৰে। তাৰ পিছত দোকান খনৰ পৰা প্ৰায় লক্ষাধিক টকাৰ মচলাৰ লগতে বহু মূল্যৱান সামগ্ৰী চুৰি কৰি লৈ যায়। স্থানীয় দোকানী সকলৰ অভিযোগ,মিলিজুলি বজাৰত এনে চুৰিকাণ্ড প্ৰায়ে সংঘটিত হৈ থাকে।

ইয়াৰ ফলত ব্যৱসায়ী সকল আতংকিত হৈ পৰিছে আৰু তেওঁলোকে চুৰি ৰোধ কৰিবলৈ আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে। স্থানীয় ৰাইজৰ মতে,অঞ্চলটোত ড্ৰাগছ,মদ আৰু বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ সেৱন বৃদ্ধি পোৱাৰ ফলতেই এনে চুৰিকাণ্ড সংঘটিত হোৱাৰ ঘটনা বৃদ্ধি পাইছে।সেয়েহে অঞ্চলটোত আৰক্ষীয়ে অধিক তৎপৰতা প্ৰদৰ্শন কৰি আইন-শৃংখলা সুদৃঢ় কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজ তথা দোকানীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande