বিজেপি বিধায়ক দিপ্লূ ৰঞ্জন শৰ্মা আৰু নৱ কুমাৰ দলৈলৈ মুখ্যমন্ত্ৰীৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন
গুৱাহাটী, ১৭ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিজেপি বিধায়ক দিপ্লূ ৰঞ্জন শৰ্মা আৰু নৱ কুমাৰ দলৈলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। ছ’চিয়েল মিডিয়া যোগে প্ৰকাশ কৰা এক বাৰ্তাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, নিউ গুৱাহাটী বিধান
হিমন্ত বিশ্ব শৰ্মা


গুৱাহাটী, ১৭ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিজেপি বিধায়ক দিপ্লূ ৰঞ্জন শৰ্মা আৰু নৱ কুমাৰ দলৈলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।

ছ’চিয়েল মিডিয়া যোগে প্ৰকাশ কৰা এক বাৰ্তাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, নিউ গুৱাহাটী বিধান সভা সমষ্টিৰ বিধায়ক দিপ্পূ ৰঞ্জন শৰ্মালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। তেওঁৰ নিষ্ঠাবান প্ৰচেষ্টাৰ লগতে জনসাধাৰণৰ সুবিধা বৃদ্ধি আৰু সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত বিস্তৃত সাংগঠনিক অভিজ্ঞতা অতিশয় প্ৰশংসনীয়। জনকল্যাণৰ প্ৰতি এই দায়বদ্ধতাই ৰাইজৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে নতুন গুৱাহাটী অঞ্চলৰ প্ৰগতি দেৱী কামাখ্যা আৰু মহান ব্যক্তি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ চৰণত তেখেতৰ সুস্বাস্থ্য, দীৰ্ঘায়ু, সফল জনসেৱাৰ বাবে প্ৰাৰ্থনা জনাইছো।

ঢকুৱাখনা বিধান সভা সমষ্টিৰ বিধায়ক তথা বিজেপিৰ নিষ্ঠাবান সংগঠক নৱ কুমাৰ দলৈলৈও মুখ্যমন্ত্রী শৰ্মাই জন্মদিনৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। ড° শৰ্মাই কয় যে দলৈয়ে জনপ্ৰিয় নেতা হিচাপে সমগ্ৰ অঞ্চলটোৰ উন্নয়ন, সুশাসন শক্তিশালী কৰা আৰু বহনক্ষম উন্নয়নৰ পথ আৰু অধিক শক্তিশালী কৰাত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।

এই বিশেষ দিনটোত মুখ্যমন্ত্ৰীয়ে মা কামাখ্যা আৰু মহান ব্যক্তি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ চৰণত আন্তৰিক প্ৰাৰ্থনা আগবঢ়ায়, তেওঁলোকৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু সকলো ধৰণৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande