অৰ্থনৈতিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষাৰ পৰা বঞ্চিত নহ'ব - মুখ্যমন্ত্ৰী
গুৱাহাটী, ১৭ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীক ধনৰ অভাৱত উচ্চ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত নহ’ব বুলি উল্লেখ কৰিছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীক দুখন প্ৰধান আঁচনিৰ জৰিয়
असमः मुख्यमंत्री द्वारा सोशल मीडिया पर जारी पोस्ट की तस्वीर


গুৱাহাটী, ১৭ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীক ধনৰ অভাৱত উচ্চ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত নহ’ব বুলি উল্লেখ কৰিছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীক দুখন প্ৰধান আঁচনিৰ জৰিয়তে সম্পূৰ্ণ সহায় আগবঢ়াব- নিয়ুত মইনা আৰু নিয়ুত বাবু আঁচনি।

আজি ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে আর্থিক অসুবিধা যাতে কোনো ছাত্র-ছাত্রীৰ শিক্ষাত কেতিয়াও বাধা নহয় তাৰ লক্ষ্যৰে আমি এক সুলভ আৰু বিশেষ ব্যৱস্থাৰ সৃষ্টি কৰিছো৷ 'নিউত মইনা' আৰু 'নিয়ুত বাবু' আঁচনিৰ জৰিয়তে আমি লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ সপোনক শক্তিশালী সহায় আগবঢ়াইছো।

তেওঁ উল্লেখ কৰে যে ২০২৬-২৭ বৰ্ষত এই আঁচনি দুখনৰ বাবে যথেষ্ট ব্যয়ৰ প্ৰস্তাৱ দি আমি পুনৰ ক’ব বিচাৰো যে কোনো বাধাই উচ্চ শিক্ষাৰ বাটত বাধাৰ সৃষ্টি কৰিব নোৱাৰে। নিয়ুত মইনা আঁচনিৰ অধীনত চৰকাৰে বাজেটত ₹৩১৮.৩৭ কোটি টকা আবণ্টন দিছে, যাৰ ফলত ৫.৩৩ লাখ কন্যা ছাত্ৰী উপকৃত হ’ব। নিয়ুত বাবু আঁচনিৰ অধীনত আৰু ৫৪.৯৭ কোটি টকা আবণ্টন দিয়া হৈছে, যিয়ে ১.০৮ লাখ ছাত্ৰক উপকৃত কৰিব।

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ সপোন পূৰণ কৰাটো আমাৰ প্ৰাধান্য।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande