
লক্ষীমপুৰ, ১৭ জুলাই (হি.স.)। নীট ইউজি-২০২৬ত উজ্বলিল নাৰায়ণপুৰৰ এঞ্জেলীনা দেউৰী। ৯৮.৫ শতাংশ নম্বৰেৰে দেশৰ ভিতৰত ১৯৪ স্থান লাভ এঞ্জেলীনাৰ। এঞ্জেলীনা দেউৰী নাৰায়ণপুৰৰ মাজৰচাপৰি দেউৰী গাঁৱৰ ভৱেশ দেউৰী আৰু ৰূপা পাটীৰ দেউৰীৰ কন্যা। নীট ইউজি-২০২৬ত ইমান চমকপ্ৰদ সফলতা লাভ কৰা পিছত অঞ্চলটোৰ ৰাইজৰ মাজত আনন্দৰ লহৰ উঠিছে।
যুৱতী গৰাকী কৰা কঠোৰ শ্ৰমৰ ফলাফল লাভ কৰিছে বুলি অঞ্চলটোৰ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু