যোৰহাট জিলাৰ কৃষিভূমিত চৰহা পোকৰ আক্ৰমণ ৰোধ কৰিবলৈ তৎপৰ জিলা কৃষি বিভাগ
যোৰহাট, ১৭ জুলাই (হি.স.)। যোৰহাট জিলাৰ কৃষিভূমিত চৰহা পোকৰ আক্ৰমণ ৰোধ কৰিবলৈ তৎপৰ জিলা কৃষি বিভাগ। যোৰহাট জিলাৰ এলেংমৰা কৃষি চক্ৰৰ কৃষিভূমিত শেহতীয়াকৈ চৰহা পোকে ধানখেতিৰ অনিষ্ট সাধন কৰিছে। চৰহা পোকৰপৰা কৃষিভূমিসমূহ উদ্ধাৰ কৰিবলৈ যোৰহাট জিলা কৃষি
7 জুলাই (হি.স.)।      *যোৰহাট জিলাৰ কৃষিভূমিত চৰহা পোকৰ আক্ৰমণ ৰোধ কৰিবলৈ তৎপৰ জিলা কৃষি বিভাগ*


যোৰহাট, ১৭ জুলাই (হি.স.)। যোৰহাট জিলাৰ কৃষিভূমিত চৰহা পোকৰ আক্ৰমণ ৰোধ কৰিবলৈ তৎপৰ জিলা কৃষি বিভাগ।

যোৰহাট জিলাৰ এলেংমৰা কৃষি চক্ৰৰ কৃষিভূমিত শেহতীয়াকৈ চৰহা পোকে ধানখেতিৰ অনিষ্ট সাধন কৰিছে। চৰহা পোকৰপৰা কৃষিভূমিসমূহ উদ্ধাৰ কৰিবলৈ যোৰহাট জিলা কৃষি বিভাগে তৎপৰতাৰে কৰ্ম সম্পাদন কৰিছে। যোৰহাট জিলা কৃষি বিভাগৰ তৰফৰপৰা এলেংমৰা কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া দীপজ্যোতি সৰকাৰৰ নেতৃত্বত চৰহা পোকে নষ্ট কৰা এলেংমৰাৰ কৃষিভূমিসমূহ পৰিদৰ্শন কৰি আজি ছগুৰি গাঁৱত এক স্কোৱাড অভিযান চলায়। পঞ্চায়তৰ ৱাৰ্ড সদস্য, গাঁওপ্ৰধান আৰু স্থানীয় কৃষকসকলৰ সক্ৰিয় অংশগ্ৰহণেৰে সমূহীয়া প্ৰচেষ্টাৰ জৰিয়তে কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে এই অভিযান সম্পন্ন কৰে।

প্ৰায় ৩ হেক্টৰ চৰহা পোকৰদ্বাৰা আক্ৰান্ত ধানখেতিত প্ৰয়োজনীয় সকলো সুৰক্ষামূলক ব্যৱস্থা আৰু সাৱধানতা কঠোৰভাৱে পালন কৰি অনুমোদিত কীটনাশক স্প্ৰে কৰা হয়। ইয়াৰ উপৰি, আন প্ৰভাৱিত এলেকাসমূহত সময়মতে কীট-পতংগ নিয়ন্ত্ৰণৰ সুবিধাৰ্থে কৃষকসকলৰ মাজত পৰ্যাপ্ত পৰিমাণৰ কীটনাশক বিতৰণ কৰা হয়। স্থানীয় ৰাইজৰ সহযোগিতা আৰু সক্ৰিয় অংশগ্ৰহণৰ ফলত এই অভিযান সফলতাৰে সমাপ্ত হয়। এলেংমৰা কৃষি চক্ৰৰ লগতে জিলাখনৰ আন আন কৃষি চক্ৰটো চৰহা পোকৰপৰা ধানখেতিসমূহ উদ্ধাৰ কৰিবলৈ সংশ্লিষ্ট কৃষি উন্নয়ন বিষয়াসকলে তৎপৰতাৰে কৃষি ভূমিসমূহ নিৰীক্ষণ কৰি আছে।

উল্লেখযোগ্য যে ধানখেতিত দেখা দিব পৰা অনিষ্টকাৰী পোক-পৰুৱাবোৰৰ ভিতৰত চৰহা পোক (Rice Hispa) অন্যতম। পূৰ্ণাংগ আৰু অপৈণত উভয় অৱস্থাতে ইহঁতে পাতৰ সেউজীয়া অংশ চুৰুকি খায়। যাৰ ফলত আক্ৰান্ত পাতত বগা দীঘলীয়া সমান্তৰাল আঁচ দেখা পোৱা যায়৷ পাছত পাতবোৰ মুগা বৰণীয়া হৈ পৰে আৰু পথাৰডৰা শুকাই যোৱাৰ দৰে দেখা যায়৷ চৰহা পোকৰপৰা পৰিত্ৰাণ পাবলৈ কৃষকসকলে কিছুমান কাম কৰা উচিত। সেইসমূহৰ ভিতৰত অন্যতম হৈছে : পথাৰত গজা অপতৃণ যেনে-দল, উৰিদল ইত্যাদি ধ্বংস কৰিব লাগে। ধান কটাৰ পাছত নৰাবোৰ জ্বলাই দিব লাগে৷ ফেব্ৰুৱাৰী-এপ্ৰিলৰ ভিতৰত পথাৰখন দকৈ হাল বাব লাগে৷ প্ৰতিৰোধক ধানৰ জাতসমূহ ৰোপণ কৰিব লাগে৷ প্ৰয়োজন অনুসৰি নিম গুটিৰপৰা তৈয়াৰী তেল পথাৰত স্প্ৰে কৰিব লাগে৷ সংক্ৰমিত পথাৰত গছৰ শুকান ডাল বা বাঁহৰ জেং পুতি পতংগভোজী চৰাইৰ বাবে জিৰণিৰ ব্যৱস্থা কৰিব লাগে৷ সংক্ৰমণৰ মাত্ৰা অধিক হ’লে কৃষি বিভাগৰ দ্বাৰা অনুমোদিত কীটনাশক নিৰ্দিষ্ট মাত্ৰাত প্ৰয়োগ কৰিব লাগে৷ ঔষধ স্প্ৰে কৰাৰ সময়ত উপযুক্ত মুখ ঢাকনি ব্যৱহাৰ কৰিব লাগে আৰু চৰাইৰ জিৰণিৰ বাবে কৰা ব্যৱস্থা আঁতৰাব লাগে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande