ৰঙিয়াৰ সমীপৰ ভেহাবাৰী গাঁৱত পথৰ কুকুৰক অতি নিৰ্মমভাৱে হত্যাৰ হৃদয়বিদাৰক ঘটনা
কামৰূপ, ১৬ জুলাই (হি.স.)। ৰঙিয়াৰ সমীপৰ ভেহাবাৰী গাঁৱত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। এটা পথৰ কুকুৰক অতি নিৰ্মমভাৱে আক্ৰমণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে এজন যুৱকৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, ভেহাবাৰী গাঁৱৰ তপন দাস নামৰ যুৱকজনে প্ৰথমে এখন দাৰে
ৰঙিয়াৰ সমীপৰ ভেহাবাৰী গাঁৱত পথৰ কুকুৰক অতি নিৰ্মমভাৱে হত্যাৰ হৃদয়বিদাৰক ঘটনা


কামৰূপ, ১৬ জুলাই (হি.স.)। ৰঙিয়াৰ সমীপৰ ভেহাবাৰী গাঁৱত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। এটা পথৰ কুকুৰক অতি নিৰ্মমভাৱে আক্ৰমণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে এজন যুৱকৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি, ভেহাবাৰী গাঁৱৰ তপন দাস নামৰ যুৱকজনে প্ৰথমে এখন দাৰে কুকুৰটোৰ ভৰি ঘপিয়াই কাটি পেলায়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কুকুৰটোৱে কিছু সময় যন্ত্ৰণাত ছটফটাই থকাৰ পিছত মৃত্যুক সাৱটি লয় কুকুৰটোৱে । এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলজুৰি। পশুপ্ৰেমী তথা জীৱপ্ৰেমী সংগঠনসমূহে ঘটনাটোৰ তীব্ৰ গৰিহণা দি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

ইতিমধ্যে কেইবাটাও পশুপ্ৰেমী সংগঠনে একেলগে এই নিৰ্মম ঘটনাৰ বিৰুদ্ধে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে। পশুৰ ওপৰত নিষ্ঠুৰতা চলোৱা অপৰাধৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত সৰৱ হৈ পৰিছে সংগঠনসমূহ। এটা নিৰ্বাক জীৱৰ ওপৰত এনে নিষ্ঠুৰতা চলোৱা সকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰাতো বিচাৰিছে সচেতন লোকসকলে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande