তেজপুৰত বিশ্ব সৰ্প দিৱস–বিষাক্ত ফেটীসাপে দংশন কৰিলেও আৰোগ্য হ’ব পাৰে এজন ব্যক্তি
শোণিতপুৰ, ১৬ জুলাই (হি.স.)। বিষাক্ত ফেটীসাপে দংশন কৰিলেও আৰোগ্য হৈ উঠিব পাৰে এজন ব্যক্তি ৷ আঠ মাহ বয়সত ফেটীসাপে দংশন কৰা এটি শিশু আজি ৫ বছৰীয়া হ’ল ৷ তেজপুৰৰ ব্যপ্তিষ্ট খৃস্টিয়ান হস্পিতালৰ এগৰাকী চিকিৎসকে সুস্থ কৰিছিল এই শিশুটিক ৷ আজি সৰ্প দিৱসৰ দিন
তেজপুৰত বিশ্ব সৰ্প দিৱস–বিষাক্ত ফেটীসাপে দংশন কৰিলেও আৰোগ্য হ’ব পাৰে এজন ব্যক্তি


শোণিতপুৰ, ১৬ জুলাই (হি.স.)। বিষাক্ত ফেটীসাপে দংশন কৰিলেও আৰোগ্য হৈ উঠিব পাৰে এজন ব্যক্তি ৷ আঠ মাহ বয়সত ফেটীসাপে দংশন কৰা এটি শিশু আজি ৫ বছৰীয়া হ’ল ৷ তেজপুৰৰ ব্যপ্তিষ্ট খৃস্টিয়ান হস্পিতালৰ এগৰাকী চিকিৎসকে সুস্থ কৰিছিল এই শিশুটিক ৷ আজি সৰ্প দিৱসৰ দিনটোত শিশুটিক লৈ তেজপুৰৰ এক বিশেষ অনুষ্ঠানত উপস্থিত হ‘ল শিশুটিৰ মাতৃ ৷

উল্লেখ্য যে আজি বিশ্ব সৰ্প দিৱস।

বিশ্ব সৰ্প দিৱসৰ দিনটোতে এটা ভাল খবৰ। সজাগতা সৃষ্টি হোৱাৰ বাবে ৰাজ্যত সৰ্প দংশনত মৃত্যুৰ হাৰ যথেষ্ট কমিছে।

তাৰোপৰি, ৰাজ্যৰ প্ৰায় হস্পিতালতে এণ্টিভেনম উপলদ্ধ । এই কনমাণি দেৱশিশুটিক সেই সময়ত সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ টিম আৰু চিকিৎসকে সকলো প্ৰকাৰৰ চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিছিল ৷ মাতৃৰ কোলাত আজি সেই কনমানি দেৱশিশু ৷

সৰ্প বান্ধৱ সৌৰভ বৰকটকীৰ টীমৰ উদ্যোগত তেজপুৰত অনুষ্ঠিত বিশ্ব সৰ্প দিৱসত এই তথ্য সদৰী কৰিছে সৰ্প বান্ধৱ তথা প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকীয়ে ।

সমগ্ৰ ৰাজ্যৰ সৰ্প বান্ধৱ সৌৰভ বৰকটকীৰ টীমে উদ্ধাৰ কৰা বিভিন্ন প্ৰজাতিৰ সৰ্পৰ এক প্ৰদৰ্শনীও প্ৰদৰ্শন কৰা হয় এই দিৱসত।

ইফালে, সৰ্প দংশনত আঘাতপ্ৰাপ্ত লোকক মৃত্যুৰ দুৱাৰ দলিৰ পৰা ৰক্ষা কৰা শোণিতপুৰ জিলাৰ কেইবাগৰাকীও চিকিৎসক সৰ্প দিৱসৰ লগত সংগতি ৰাখি বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande