
নলবাৰী, ১৬ জুলাই (হি.স.)। টিহুত সুধাকন্ঠ ভূপেন হাজৰিকাৰ সংগীতৰ আধাৰত গ্ৰীষ্মকালীন কৰ্মশালা । অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টি ভিত্তিত আয়োজন কৰা হৈছে গ্ৰীষ্মকালীন কৰ্মশালা। টিহু বিধানসভা সমষ্টিত অনুষ্ঠিত এই কৰ্মশালাৰ আয়োজন কৰিছে টিহুৰ ৰাগেশ্ৰী সংগীত একাডেমীয়ে। কৰ্মশালা খনৰ বিশেষ আকৰ্ষণ হৈছে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতৰ প্ৰশিক্ষণ শিতান।
গ্ৰীষ্মকালীন কৰ্মশালাখন ১২ জুলাইৰ পৰা ২৮ জুলাইলৈকে চলিব বুলি উদ্যোক্তাই জনায়। টিহুৰ হাটখোলাস্থিত টিহু দুর্গা আৰু ৰাস মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত উক্ত কৰ্মশালাত অঞ্চলটোৰ বহু প্ৰতিভাশালী শিক্ষাৰ্থী আৰু সাংস্কৃতিক অনুৰাগীয়ে অংশগ্ৰহণ কৰিছে। এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় শিক্ষাৰ্থী সকলে।
কৰ্মশালাৰ জৰিয়তে নতুন প্ৰজন্মক অসমীয়া সংস্কৃতি, সংগীত আৰু বিশেষকৈ ড° ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি আৰু সংগীতৰ সৈতে অধিক পৰিচিত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। প্ৰায় ৫০ কৈ অধিক শিক্ষাৰ্থীয়ে অংশ গ্ৰহন কৰে কৰ্মশালাত।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু