
শিৱসাগৰ, ১৬ জুলাই (হি.স.)। শিৱসাগৰত টাইপাৰ ৩১ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন। ১৫ আৰু ১৬ জুলাই তাৰিখে দুদিনীয়াকৈ আয়োজন কৰা হয় সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস। দুদিনীয়া কাৰ্যসূচীৰে আজি অন্তিম দিন। আজি বৃহস্পতিবাৰে বাহিৰ কৰা সম্বনয় শোভাযাত্ৰাৰ। প্ৰথমবাৰৰ বাবে টাইপাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত প্ৰদান কৰা হব আহোম প্ৰাণ বঁটা আৰু আহোম ৰত্ন বঁটা ।
আহোম প্ৰাণ বঁটা মৰোনোত্তৰ ভাবে টাইপাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ডামচাও পংকজ বৰগোঁহাইক প্ৰদান কৰা হব । সম্বনয় শোভাযাত্ৰাৰ অন্তত শিৱসাগৰ যুৱ দলত অনুষ্ঠিত হব লগা মুকলি সভাত প্ৰদান কৰা হব এই বঁটা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ