
বৰপেটা, ১৬ জুলাই (হি.স.)। বৰপেটাৰোডত সম্পন্ন হ’ল চিত্ৰায়ন একাডেমীৰ পাঁচদিনীয়া গ্ৰীষ্ম কালীন শিল্পকলা কৰ্মশালা । চিত্ৰায়ন একাডেমীৰ উদ্যোগত আৰু বিশিষ্ট শিল্পী মুকুট তালুকদাৰৰ সহযোগত বৰপেটাৰোডত অনুষ্ঠিত হৈ অহা কলা, শিল্পকলা আৰু এম্বছিং কলা বিষয়ক গ্ৰীষ্মকালীন কৰ্মশালাখন আজি সফলতাৰে সামৰণি পৰে। যোৱা ১২ জুলাইৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কৰ্মশালাত অঞ্চলটোৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে, বৰপেটাৰোডত এইধৰণৰ শিল্পকলাৰ কৰ্মশালা প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে। কৰ্মশালাখনত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰে মুকুট তালুকদাৰে । সামৰণি অনুষ্ঠানত প্ৰশিক্ষক মুকুট তালুকদাৰে কয় যে, কেৱল পাঠ্যপুথিৰ শিক্ষাৰ লগতে কলা আৰু শিল্পকলা চৰ্চাই ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগায় । প্ৰশিক্ষণৰ জৰিয়তে কিশোৰ-কিশোৰীসকলৰ মাজত থকা সুপ্ত প্ৰতিভা বিকাশৰ লগতে তেওঁলোকৰ সৃজনশীলতা বৃদ্ধি কৰাই এই কৰ্মশালাৰ মূল লক্ষ্য আছিল বুলি আয়োজকসকলে জানিবলৈ দিয়ে ।
অনাগত দিনত এনেধৰণৰ অধিক কৰ্মশালাৰ আয়োজন কৰা হ’ব বুলি চিত্ৰায়ন একাডেমীৰ তৰফৰ পৰা জানিব পৰা গৈছে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু