
শিৱসাগৰ, ১৬ জুলাই (হি.স.)। আমগুৰি খণ্ড বন কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। বন কাৰ্যালয়ৰ কৰ্মচাৰীৰ বিৰুদ্ধে অবৈধ ধন সংগ্ৰহৰ অভিযোগ। বীৰ লাচিত সেনা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াই ঘেৰাও কৰিছে খণ্ড বন কাৰ্যালয়। আমগুৰি খণ্ড বন বিষয়াৰ নেতৃত্বত অবৈধভাৱে গাড়ীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ জাতীয় সংগঠনৰ।
আমগুৰি খণ্ড বন বিষয়াক নিলম্বন কৰক, অবৈধ ধন সংগ্ৰহ বন্ধ কৰক, বন বিভাগ হায় হায় শ্ল'গানেৰে বন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি তোলে।প্ৰতিবাদকাৰী সকলে আমগুৰি খণ্ড বন বিষয়া বাদশ্বাহ আলিক আমগুৰিৰ পৰা নিলম্বন কৰিবলৈ দাবী জনায়। অন্যথা তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ