শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰত দ্ৰুতবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ পৰা দোকানত প্ৰৱেশ
শ্ৰীভূমি, ১৬ জুলাই (হি.স.)। দ্ৰুতবেগী এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথ এৰি পোনে পোনে সোমাই গ''ল এখন দোকানত। কথমপি প্ৰাণৰক্ষা পৰিল দোকানৰ গৰাকী আৰু তেওঁৰ পৰিয়ালৰ সদস্য সকলৰ। বৃহস্পতিবাৰে পুৱাৰ ভাগত শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰ চহৰৰ বালিছড়া অঞ্চলত
শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰত দ্ৰুতবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ পৰা দোকানত প্ৰৱেশ


শ্ৰীভূমি, ১৬ জুলাই (হি.স.)। দ্ৰুতবেগী এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথ এৰি পোনে পোনে সোমাই গ'ল এখন দোকানত। কথমপি প্ৰাণৰক্ষা পৰিল দোকানৰ গৰাকী আৰু তেওঁৰ পৰিয়ালৰ সদস্য সকলৰ। বৃহস্পতিবাৰে পুৱাৰ ভাগত শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰ চহৰৰ বালিছড়া অঞ্চলত উক্ত ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে, এম জেড ০২ চি ৪৫১৫ নম্বৰৰ এখন দ্ৰুতবেগী ছুইফ্ট ডিজায়াৰ গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই মূল পথৰ পৰা ছিটিকি গৈ স্থানীয় ব্যৱসায়ী দীপাংকৰ দাসৰ ষ্টেচনেৰী দোকান তথা ঘৰত সোমাই পৰে। দুৰ্ঘটনাত দোকান খনৰ ব্যাপক ক্ষতি হয়।

সৌভাগ্যক্ৰমে সেই সময়ত দোকানৰ সন্মুখত কোনো লোক নথকাত এক বৃহৎ দুৰ্ঘটনা আৰু প্ৰাণহানিৰ পৰা ৰক্ষা পৰে। দুৰ্ঘটনাৰ পিছত বিকট শব্দ শুনি স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখন দোকানৰ ভিতৰত সোমাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে। ঘটনাই দোকানৰ গৰাকী, তেওঁৰ পৰিয়াল আৰু সমগ্ৰ অঞ্চলজুৰি আতংকৰ পৰিৱেশৰ সৃষ্টি কৰে।

খবৰ পাই ৰামকৃষ্ণনগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখন জব্দ কৰাৰ লগতে চালক আব্দুল কাদিৰক থানালৈ লৈ যায়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande