
বৰপেটা, ১৬ জুলাই (হি.স.)। বৰপেটা জিলাৰ সৰভোগত পুৱতি নিশা পাঁচটা গৰু চোৰ গ্ৰেপ্তাৰ কৰা হৈছে |
সৰভোগ থানাৰ অ'চি প্ৰণৱ দাসৰ নেতৃত্বত আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত ওৰে নিশা খাপ পিতি ৰৈ থাকি গৰু চোৰ কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় |
জানিব পৰামতে, এএছ ১৯ ডব্লিউ ৫৫৬৫ নম্বৰৰ ইক' ভানখনেৰে গৰু চুৰিৰ উদ্দেশ্যে অহাৰ সময়তে আৰক্ষীয়ে গৰুচোৰ চক্ৰটোক গ্ৰেপ্তাৰ কৰে |
ধৃত গৰুচোৰ কেইটা বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ গোলাপাৰা গাঁওৰ ইলিয়াছ হুছেইন, ছাহিন আলম, জেহেৰুল ইছলাম, ৰছিদুল ইছলাম আৰু ৰবিউল ইছলাম বুলি চিনাক্ত কৰা হৈছে |
সৰভোগ থানাৰ অ'চি প্ৰণব কুমাৰ দাসৰ নেতৃত্বত আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ওৰে নিশা খাপ পিতি ৰৈ থাকি চোৰকেইটাক গ্ৰেপ্তাৰ কৰে |
চোৰকেইটাৰ পৰা গৰুচুৰিত ব্যৱহাৰ কৰা ৰঁচী, গৰুৰ মুখত ব্যৱহাৰ কৰা চেল'টেপ, আৰু আন সামগ্ৰীৰ লগতে চুৰি গৰু কঢ়িওৱা ভান এখনো জব্দ কৰে |
ইপিনে আৰক্ষীয়ে চোৰৰ দলটোৰ স্বীকাৰোক্তিৰ ভিত্তিত এটা চুৰি গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় |
উল্লেখ্য যে, যোৱা শুক্ৰবাৰে সৰভোগৰ কলিতাপাৰা গাঁওৰ এটা দুখীয়া পৰিয়ালৰ ৫টা কৈ গৰু চুৰি কৰি নিছিল এই গৰু চোৰ চক্ৰটোৱে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা