ডিমৰীয়াৰ বিভিন্ন প্ৰান্তত উদযাপন ৰথ যাত্ৰা
গুৱাহাটী, ১৬ জুলাই (হি.স.)। ডিমৰীয়াৰ বিভিন্ন প্ৰান্তত উদযাপন ৰথ যাত্ৰা। আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হ''ল মহাপ্ৰভু শ্ৰীশ্ৰী জগন্নাথদেৱৰ পৱিত্ৰ ৰথযাত্ৰা। পুৰীৰ শ্ৰীজগন্নাথ মন্দিৰৰ দৰেই অসমৰ বিভিন্ন প্ৰান্ততো ভক্তিৰে উদযাপন কৰা হৈছে এই মহোৎসৱ। ডিমৰীয
ডিমৰীয়াৰ ভিন্ন প্ৰান্তত উদযাপন ৰথ যাত্ৰা।


ডিমৰীয়াৰ ভিন্ন প্ৰান্তত উদযাপন ৰথ যাত্ৰা।


গুৱাহাটী, ১৬ জুলাই (হি.স.)। ডিমৰীয়াৰ বিভিন্ন প্ৰান্তত উদযাপন ৰথ যাত্ৰা। আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হ'ল মহাপ্ৰভু শ্ৰীশ্ৰী জগন্নাথদেৱৰ পৱিত্ৰ ৰথযাত্ৰা। পুৰীৰ শ্ৰীজগন্নাথ মন্দিৰৰ দৰেই অসমৰ বিভিন্ন প্ৰান্ততো ভক্তিৰে উদযাপন কৰা হৈছে এই মহোৎসৱ।

ডিমৰীয়া সমষ্টিৰ গাঁও ডিমৰীয়াৰ শ্ৰীশ্ৰী জগন্নাথ মন্দিৰ আৰু পূব মালয়বাৰী হৰেকৃষ্ণ মন্দিৰৰ লগতে ক্ষেত্ৰী, দুৰুং আৰু সোণাপুৰতো ভক্তৰ ব্যাপক সমাগমৰ মাজেৰে উলিওৱা হয় পৱিত্ৰ ৰথযাত্ৰা।

আজি আৰম্ভ হোৱা এই উৎসৱ অহা নদিন ধৰি বিভিন্ন ধৰ্মীয় আচাৰ-অনুষ্ঠান, নাম-সংকীৰ্তন আৰু ভক্তিমূলক কাৰ্যসূচীৰে পালন কৰা হ'ব। ৰথযাত্ৰাৰ শোভাযাত্ৰাত বিভিন্ন অঞ্চলৰ অসংখ্য ভক্তই অংশগ্ৰহণ কৰি সমগ্ৰ এলেকাজুৰি এক অপূৰ্ব ভক্তিময় আৰু আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande