বজালীৰ ভৱানীপুৰ গলিয়া ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা
বজালীৰ ভৱানীপুৰ গলিয়া ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা।
বজালীৰ ভৱানীপুৰ গলিয়া ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা


বৰপেটা, ১৬ জুলাই (হি.স.): বজালীৰ ভৱানীপুৰ গলিয়া ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা । তীব্ৰ বেগী ট্ৰাকে মহতিয়ালে বাইক আৰোহীক । ফলত থিতাতে নিহত হয় এজন লোক । আনহাতে গুৰুতৰ ভাবে আহত হয় আন এজন ।

দুৰ্ঘটনাটোত নিহত যুৱকজন ভৱানীপুৰৰ মনোজ দাস (২৪) বুলি চিনাক্ত কৰা হৈছে । ইফালে আহত জন ভৱানীপুৰৰ দেৱজিৎ তালুকদাৰ বুলি পৰিচয় পোৱা গৈছে । সংকটজনক অৱস্থাত দেৱজিৎ তালুকদাৰক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । দূৰ্ঘটনাত সংঘটিত কৰি পলায়ন কৰে ট্ৰাকখনে । ঘটনাস্থলীত ভৱানীপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো ভৱানীপুৰ আৰক্ষী চকীলৈ লৈ আহে । দূৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনক বিচাৰি ভৱানীপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande