
যোৰহাট, ১৬ জুলাই (হি.স.)। যোৰহাট জিলাত চাৰিলেন যুক্ত পথৰ সম্পূৰ্ণ হোৱা এটা বছৰ পাৰ হোৱাৰ পাছতো উৰণীয়া সেঁতু সমূহৰ এবছৰ ধৰি কাৰ্যক্ষম নহ'ল। ষ্ট্ৰীট লাইট সমূহ, কাৰ্যক্ষম কৰিবলৈ আহ্বান। যোৰহাট জিলাত চাৰিলেন যুক্ত পথৰ সম্পূৰ্ণ হোৱা এটা বছৰ অতিক্ৰম কৰা পাছতো উৰণীয়া সেঁতু সমূহৰ ষ্ট্ৰীট লাইট সমূহৰ আজি পৰ্যন্ত সক্ৰিয় নোহোৱাত নিশা প্ৰায়ে দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায়।
স্থানীয় লোক সকলে জানিবলৈ দিয়া অনুসৰি উৰণীয়া সেঁতু সমূহৰ ষ্ট্ৰিট লাইট সমূহ এবছৰ আগতে কাম সম্পূৰ্ণ কৰিলে যদিও আজি পৰ্যন্ত বিদ্যুৎ সংযোগ নকৰাত লাইট সমূহ কাৰ্যক্ষম হৈ নুঠিল। সেয়েহে নিশাৰ ভাগত এই উৰণীয়া সেঁতু সমূহত নিতৌ দুৰ্ঘটনা সংঘটিত হোৱা দেখা গৈছে। বিশেষকৈ পূৰ্ব যোৰহাটৰ হাতীগড়, চটাই, লাহদৈগড়, কাকজান,দ গাওঁ কে ধৰি এই উৰণীয়া সেঁতু সমূহৰ লাইট সমূহ নজ্বলাৰ ফলত তীব্ৰ গতিত অহা যান বাহন দুৰ্ঘটনা পতিত হোৱাৰ ওপৰিও চাৰ্ভিচ ৰোডৰ পিউপি সমূহত নিশাৰ ভাগত একাংশ যুৱক-যুৱতীৰ অনৈতিক কাৰ্য কলাপে ৰাইজক চিন্তিত কৰি তুলিছে।
আনহাতে চাৰিলেন যুক্ত পথৰ চাৰ্ভিচ ৰোডৰ দুৰৱস্থাই ৰাইজক জ্বলা কলা দেখুৱাইছে। কাকজান উৰণীয়া সেঁতুৰ তলৰ পথ আৰু, হাতীগড় উৰণীয়া সেঁতুৰ তলৰ পথকে ধৰি বহু ঠাইত দ -গাত সৃষ্টি হৈছে যদিও চাৰিলেন যুক্ত পথৰ বিভাগীয় পক্ষই গুৰুত্ব প্ৰদান নকৰাত দুৰ্ভাগ্যজনক। অচিৰেই ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ সমস্যা সমূহ সমাধানৰ বাবে সচেতন মহলে জিলা আয়ুক্তৰ হস্তক্ষেপ দাবী জনাইছে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু