
বাক্সা, ১৬ জুলাই (হি.স.)। বাক্সা জিলাৰ বাগানপাৰাত বনৰীয়া হাতীৰ উপদ্ৰপ সন্দৰ্ভত ৰাজহুৱা সজাগতা সভা অনুষ্ঠিত কৰা হয় ।
বাক্সা বন সংমণ্ডলৰ উদ্যোগত আয়োজন কৰা হয় এই সজাগতা সভাৰ।
বাক্সা জিলাৰ বড়িকাদাঙা, খৈৰানী, ঠালকুছি আদি অঞ্চলত বছৰ বছৰ ধৰি চলি অহা বনৰীয়া হাতীৰ আক্ৰমণ ৰোধ কৰাৰ লগতে এই অঞ্চলৰ ৰাইজক কেনেদৰে সুৰক্ষা প্ৰদান কৰিব পাৰি তাকলৈ এই সভাত আলোচনা কৰা হয় ।
সভাখনত বাগানপাৰা মণ্ডল বিজেপিৰ সভাপতি চক্ৰ কলিতা, বাক্সা জিলা বনবিষয়া ধীৰেন্দ্ৰ নাথ বসুমতাৰীৰ লগতে বাতাবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ ৰজনী দৈমাৰী আৰু আন আন বনবিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে ।
সভাৰ শেষত হাতী সন্ত্ৰাস জৰ্জৰিত অঞ্চলৰ ৰাইজৰ মাজত টৰ্চলাইট আৰু ফটকা বিতৰণ কৰে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা