
ইম্ফল, ১৬ জুলাই (হি.স.)। বিগত ২৪ ঘণ্টাত মণিপুৰত চলোৱা পৃথক অভিযানত নিৰাপত্তা বাহিনী আৰু মণিপুৰ আৰক্ষীয়ে এজন অভিযুক্ত ড্ৰাগছ সৰবৰাহকাৰী আৰু এজন সক্ৰিয় উগ্ৰপন্থীকে ধৰি আন আন লোকক গ্ৰেপ্তাৰ কৰে। অভিযানৰ সময়ত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ, নিচাযুক্ত দ্ৰব্য, নগদ ধনো উদ্ধাৰ কৰা হয়।
আজি প্ৰকাশিত চৰকাৰী তথ্য অনুসৰি নিৰাপত্তা বাহিনীয়ে থৌবাল জিলাৰ নিজ গৃহৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী চৈয়দ অনিশ শ্বাহ ওৰফে লিৰাং (৪৬)ক গ্ৰেপ্তাৰ কৰে। তালাচীৰ সময়ত ১৪৪টা এছ পি কেপচুল আৰু ১৬.৪৩ লাখ নগদ ধন উদ্ধাৰ কৰা হয়, যিটো ড্ৰাগছ সৰবৰাহৰ পৰা পোৱা ধন বুলি ধাৰণা কৰা হৈছে।
ইম্ফল পশ্চিম জিলাৰ লোকটক হ্ৰদৰ সমীপৰ ইশোকা মামাং লেইকাই অঞ্চলৰ পৰা নিৰাপত্তা বাহিনীয়ে কেইবাটাও মডিফাইড ৰাইফল, এটা এম-২ কাৰ্বাইন, এটা ৯ এম এম পিষ্টল, আৰু ২৬টা সজীৱ কাৰ্টিজ উদ্ধাৰ কৰে।
জিৰিবাম জিলাৰ মংবুং গাঁৱৰ সমীপৰ এটা বনাঞ্চলত অভিযান চলাই পাম্প গান, দেশত নিৰ্মিত পিষ্টল, হেণ্ড গ্ৰেনেড, ১২ ব’ৰ বন্দুক, ৩৩১ টা সজীৱ কাৰ্টিজ, মৰ্টাৰ শ্বেল, বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰ বাবে মেগজিন, সামৰিক সামগ্ৰী উদ্ধাৰ কৰা হয়।
ইফালে নিৰাপত্তা বাহিনীয়ে ইম্ফল পূৱ জিলাৰ পৰা কেচিপি-এমচি (প্ৰগতিশীল) সক্ৰিয় উগ্ৰপন্থী নাগাথেম ভীমজিৎ সিং ওৰফে ভীমো (৩৮)ক গ্ৰেপ্তাৰ কৰে।
ইম্ফল পূৱ জিলাৰ খুৰাই অঞ্চলৰ পৰা মণিপুৰ আৰক্ষীয়ে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি এটা .৩৮ পিষ্টল, দুটা মেগজিন, আৰু ১১টা সজীৱ কাৰ্টিজ উদ্ধাৰ কৰে।
আন এক অভিযানত থৌবাল জিলাৰ আৰক্ষীয়ে আচেম সোমাণ্ডা সিং (৪৬)ক গ্ৰেপ্তাৰ কৰি তেওঁৰ হাতৰ পৰা চেম্পলেক্স প্লাছ, স্পাজ প্লাছ, আৰু তাছৰাক্স-টিআৰৰ বৃহৎ চালান উদ্ধাৰ কৰে।
উখৰুল জিলাৰ টি এম কাছম আৰু ছিকিবুং গাঁৱত অভিযানৰ সময়ত গ্ৰেপ্তাৰ হয় চাৰিজন ব্যক্তি। ইয়াৰ পৰা দুটা এছ বি বি এল বন্দুক, লাইভ কাৰ্টিজ আৰু এটা বেতাঁৰ যোগাযোগৰ চেট উদ্ধাৰ কৰা হৈছে।
আন এটা কাৰ্য্যত এইচ.এ. উখৰুল টাউনৰ ছোচিপেম (২৭) নামৰ এজন লোকক প ক্স আইনৰ অধীনত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে।
-----------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ