
নগাঁও, ১৬ জুলাই (হি.স.)। কলিয়াবৰত অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদ ছাত্ৰ সন্থাৰ। কলিয়াবৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত হৈ বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবী কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ। জখলাবন্ধাৰ গৰুবন্ধাস্থিত বৈদ্যুতিক শক্তি বিতৰণ কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লগতে বিদ্যুত যোগানৰ কাম-কাজ পূৰ্ণ কাৰ্যক্ষম কৰাৰ দাবীত বৈদ্যুতিক সংমণ্ডল বিষয়াক স্মাৰকপত্ৰ প্ৰদান কৰে কলিয়াবৰ আছুৰ দলটোৱে।
ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ বিদ্যালয় সমূহত বিদ্যুৎ যোগানৰ কাম সম্পূৰ্ণ কৰাৰো দাবী কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা