
বৰপেটা, ১৬ জুলাই (হি.স.)। কলগাছিয়াত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী সমদল। নৱজ্যোতি মহাবিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰী ওলাই আহি ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিকৰণৰ দাবীত সমদল কৰে। চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ কেইবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ ওলাই আহি বিশাল সমদল উলিয়াই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁলোকে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ দাবী জনায়।
উল্লেখযোগ্য যে, প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে দেশৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া কৰিছে যদিও শেহতীয়াকৈ অসম চৰকাৰে শিক্ষানুষ্ঠানত নিয়মীয়া উপস্থিত নথকা ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিৰ মাচুল জমা দিব লাগিব বুলি চৰকাৰে ঘোষণা কৰিছে বুলি ছাত্ৰ ছাত্ৰী সকলে ক্ষোভিত হৈ পৰিছে। সেয়ে একেখন অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ দুই ধৰণৰ নিয়ম মানি লোৱা নহ'ব বুলি দাবী জনায়। আজি সমদল উলিয়াই ছাত্ৰ ছাত্ৰী সকলে সকলো দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ ছাত্ৰী সকলে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু