
গোলাঘাট, ১৬ জুলাই (হি.স.)। ২৪ দিন জীৱন-মৃত্যুৰে যুঁজি হাৰ মানিলে দুৰ্বৃত্তৰ আক্ৰমনত আহত দেৰগাঁও ৰাংঢালীৰ যুৱক যদুমনি দত্তই। যদুমনিৰ ন্যায়ৰ দাবীত নিশা ওলাই আহিল গাঁৱৰ ৰাইজ। ২৪ দিনৰ পূৰ্বে ৰাংঢালী অঞ্চলৰে মন কেওট নামৰ ব্যক্তি জনৰ অস্ত্ৰৰ আঘাটত গুৰুতৰ ভাৱে জখম হৈছিল যদুমনি দত্ত।
অৱশেষত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নিয়তিৰ ওচৰত হাৰ মানিলে সৰবৰহী যুৱক যদুমনি দত্তই। দুটি কণমানি কন্যা সন্তান আৰু পত্নীক এৰি থৈ যোৱা গাওঁ খনৰ সহজ সৰল যুৱক জনৰ মৃত্যুৰ পিছতে ন্যায়ৰ দাবীত নিশাই ওলাই আহিল গঞা। ইতিমধ্যে দেৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী মন কেওটক।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু