ভাৰত-ম্যানমাৰ সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় পাংচুপাচ বজাৰ পুনৰ মুকলি কৰা হব
ইটানগৰ, ১৬ জুলাই (হি.স.)। ভাৰত-ম্যানমাৰ সীমান্তৰ এক সুখবৰে এতিয়া দুয়োখন দেশৰ সীমান্তবাসী ৰাইজৰ মাজলৈ কঢ়িয়াই আনিছে এক আনন্দময় পৰিবেশ। পুনৰ মুকলি হব কৰোণা ভাইৰাচৰ সময়তে ২০২০ ত বন্ধ হৈ পৰা আন্তঃৰাষ্ট্ৰীয় পাংচুপাচ বজাৰ। প্ৰতিটো মাহৰ ১০,২০ আৰু ৩০ তাৰি
ভাৰত-ম্যানমাৰ সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় পাংচুপাচ বজাৰ পুনৰ মুকলি কৰা হব


ইটানগৰ, ১৬ জুলাই (হি.স.)। ভাৰত-ম্যানমাৰ সীমান্তৰ এক সুখবৰে এতিয়া দুয়োখন দেশৰ সীমান্তবাসী ৰাইজৰ মাজলৈ কঢ়িয়াই আনিছে এক আনন্দময় পৰিবেশ। পুনৰ মুকলি হব কৰোণা ভাইৰাচৰ সময়তে ২০২০ ত বন্ধ হৈ পৰা আন্তঃৰাষ্ট্ৰীয় পাংচুপাচ বজাৰ। প্ৰতিটো মাহৰ ১০,২০ আৰু ৩০ তাৰিখে ম্যানমাৰৰ পাংচুপাচত অনুষ্ঠিত হব উক্ত বজাৰ।

ভাৰত-ম্যানমাৰ দুয়োখন দেশৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত যৌথ সভাত পাংচুপাচত বুধবাৰে লোৱা হয় উক্ত গুৰুত্বপূৰ্ণ এই বাণিজ্যিক সিদ্ধান্ত। উক্ত সিদ্ধান্তই পৰ্যটকৰ আৰ্কষণৰ কেন্দ্ৰ হৈ পৰিব বুলি এক বিশেষ চৰ্চা লাভ কৰিছে সচেতন মহলৰ মাজত।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande