
কামৰূপ, ১৬ জুলাই (হি.স.)। কামৰূপ জিলাৰ হাজোৰ টাঙোনমাৰীত প্ৰবল গৰাখহনীয়াৰ সৃষ্টি হৈছে ।
হাজোৰ টাঙোনমাৰীত ব্ৰহ্মপুত্ৰ নদীৰ সুতিৰ বাঢ়নী পানীয়ে লৈছে ভংকৰ গঢ়াখহনীয়া ৰূপ। গঢ়াখহনীয়া কৱলত পৰিছে কেইবাটাও পৰিয়াল।
যোৱা তিনি চাৰি বছৰ ধৰি গৰাখহনীয়াৰ কৱলত পৰি কেইবাটাও পৰিয়াল অন্য ঠাইলৈ যাব লগীয়া হৈছে।
ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কামৰূপ জিলাৰ হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত টাঙোনমাৰীত গৰাখহনীয়াৰ কৱলত কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে খেতি বাটি উটুৱাই নিয়ে। এইক্ষেত্ৰত
গঢ়াখহনীয়া ৰোধ কৰাৰ বাবে হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসক কাতোৰ অনুৰোধ জনায় স্থানীয়া ৰাইজ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা