
গুৱাহাটী, ১৬ জুলাই (হি.স.)। অসম বিধানসভাৰ মজিয়াত যোৱা ১০ জুলাইত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিত্তমন্ত্রী জয়ন্ত মল্ল বৰুৱাই ২০২৬-২৭ বৰ্ষৰ বাজেট দাখিল কৰি ৰাজ্য খনৰ বিকশিত অর্থনীতি, উদ্যোগিক বিকাশৰ লগতে অসমৰ আন্তঃগাঁথনি আৰু যাতায়তৰ ব্যৱস্থাৰ উন্নয়নৰ দিশত আগুৱাই যোৱা এক নতুন ৰূপৰেখা তৈয়াৰ কৰে।
২০২৬-২৭ বৰ্ষৰ বাজেটে অনাগত ৫ বছৰৰ ভিতৰত অসম, দেশৰ ভিতৰতে যে উন্নয়নৰ এক প্রাণকেন্দ্ৰ হিচাপে বিবেচিত হ'ব সেই কথা স্পষ্টভাবে প্রতিফলিত হয়।
ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত দলৰ মিডিয়া পেনেলিষ্ট আশীষ ভৰালীয়ে কয় যে, এই বাজেটত উল্লেখ কৰা মর্মে অসমৰ আন্তঃগাথনি উন্নয়নৰ দিশত ইতিমধ্যে সম্পন্ন হোৱা 'অসমমালা' I, II আৰু III ৰ পিছত এইবাৰ 'অসমমালা' IV ৰ শুভাৰম্ভণি কৰা হ'ব।
'অসমমালা' হৈছে অসমত ইতিমধ্যে নির্মাণ হৈ থকা ১০ পৰা ১২ মিটাৰ বহল দূৰণিবটীয়া পথ। অসম চৰকাৰে 'অসমমাল' III ৰ অধীনত প্রায় ৩,২১৭ কোটি টকাৰ ব্যয়ৰে অসমৰ ৩৪ খন জিলাত মুঠ ৮৮০ কিলোমিটাৰ পথৰ নিৰ্মাণ তথা ৩৪ খন নতুন দলঙৰ কাম ইতিমধ্যে সম্পন্ন কৰিছে। চলিত বৰ্ষৰ বাজেটত বিত্তমন্ত্রী জয়ন্ত মল্ল বৰুৱাই নতুনকৈ হ'বলগীয়া 'অসমমালা' IV ত ১০,০০০ কোটি টকা ধাৰ্য্য কৰিছে আৰু ইয়াৰ যোগেদি নতুনকৈ ৮০০ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰিছে।
মন্ত্রী জয়ন্ত মল্ল বৰুৱাই গুৱাহাটীৰ পৰা শিলচৰলৈকে হাইস্পিড ইক'নমিক ক'ৰিডৰ নিৰ্মাণ কৰাৰ কথাও উল্লেখ কৰিছে। ইয়াৰ জৰিয়তে গুৱাহাটীৰ পৰা শিলচৰ ভ্ৰমণৰ সময় বৰ্তমানৰ ১০ ঘন্টাৰ পৰা ৫ ঘন্টালৈ হ্রাস হ'ব। ইয়াৰোপৰি গুৱাহাটীৰ পৰা শিলিগুড়িলৈও এক হাইস্পিড ক'ৰিডৰৰ নিৰ্মাণৰ কাম পৰিকল্পনা কৰা হৈছে।
অসমৰ পৰ্য্যটনৰ দিশ অধিক উন্নত কৰাৰ স্বাৰ্থত উমৰাংছুলৈকে ৰেল লাইনৰ নিৰ্মাণ কৰাৰ কথা এই বাজেটত উল্লেখ আছে। ইয়াৰ লগতে মানাস ৰাষ্ট্ৰীয় উদ্যান, হাফলং আৰু উমৰাংদ্ভুত পঞ্চতাৰকা হোটেলৰো অনুমোদন কৰা হৈছে।
অসমৰ যাতায়তৰ দিশত এক বৃহৎ বৰঙণি আগবঢ়াব এই বাজেটত উল্লেখ কৰা ধুবুৰীস্থিত ৰূপশী বিমান বন্দৰৰ উন্নীতকৰণ আৰু শিলচৰস্থিত ডলু গ্রীণ ফিল্ড বিমান বন্দৰৰ নির্মাণে। ৰূপশী বিমান বন্দৰৰ উন্নীতকৰণে অসমৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলাকে ধৰি ভূটান আৰু বাংলাদেশৰ লগতো যাতায়ত আৰু ব্যৱসায়ৰ ব্যৱস্থা সুদৃঢ় কৰিব।
ইয়াৰ লগতে গুৱাহাটী বিমান বন্দৰৰ পৰা জালুকবাৰীলৈকে এক উৰণসেতুৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে, যাৰ জৰিয়তে ৭ পৰা ১০ মিনিটৰ ভিতৰতে গুৱাহাটী বিমান বন্দৰৰ পৰা গুৱাহাটী চহৰৰ প্ৰবেশদ্বাৰ জালুকবাৰী পাব পৰা যাব।
আগন্তুক ৫ বছৰত অসমক ভাৰতবৰ্ষৰ ভিতৰত এখন উন্নত ৰাজ্য কৰাৰ স্বাৰ্থত বৰ্তমানৰ বাজেটত সেউজ শক্তিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা গৈছে। পাম্প ষ্টোৰেজ পাৱাৰ ব্যৱহাৰ কৰি কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত অধিক শক্তি উৎপাদনৰ দিশেও আগবাঢ়িছে।
অসমৰ বিকাশৰ লগত আমাৰ চহৰসমূহে এক মুখ্য ভূমিকা পালন কৰে। সেয়েহে চলিত বাজেটত গুৱাহাটী বিমান বন্দৰৰ আশে-পাশে এৰো চিটি (Aero City) নিৰ্মাণ কৰাৰ উল্লেখ থকাৰ লগতে গুৱাহাটীত চেটেলাইট টাউনশ্বীপ গঢ়াৰো উল্লেখ আছে যাৰ জৰিয়তে এক নতুন সুন্দৰ পৰিকল্পিত গুৱাহাটী চহৰ ৰাইজে পাবৰ কাৰণে সক্ষম হ'ব।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ