গোসাইগাওঁতো খেতিয়ক সকলে পথাৰত কঠীয়া ৰোয়াত ব্যস্ত
কোকৰাঝাৰ ১৬ জুলাই (হি.স.)। ধান খেতিৰ বাবে বৰ্তমান সময়ছোৱা অতি গুৰুত্বপূৰ্ণ। কৃষকসকলে পথাৰত কঠিয়া ৰোৱা বা পোনপটীয়াকৈ ধান সিঁচাৰ কামত ব্যস্ত হৈ পৰিছে। ধানৰ ভাল উৎপাদনৰ বাবে বৰ্তমান খেতিয়ক সকল ব্যস্ত পথাৰত। গোসাইগাওঁতো পথাৰত খেতিয়ক সকলে কঠীয়া ৰোয়াত ব্
গোসাইগাওঁতো খেতিয়ক সকলে পথাৰত কঠীয়া ৰোয়াত ব্যস্ত


কোকৰাঝাৰ ১৬ জুলাই (হি.স.)। ধান খেতিৰ বাবে বৰ্তমান সময়ছোৱা অতি গুৰুত্বপূৰ্ণ। কৃষকসকলে পথাৰত কঠিয়া ৰোৱা বা পোনপটীয়াকৈ ধান সিঁচাৰ কামত ব্যস্ত হৈ পৰিছে। ধানৰ ভাল উৎপাদনৰ বাবে বৰ্তমান খেতিয়ক সকল ব্যস্ত পথাৰত। গোসাইগাওঁতো পথাৰত খেতিয়ক সকলে কঠীয়া ৰোয়াত ব্যস্ত হৈ পৰিছে।

গোসাইগাওঁ মহকুমাৰ পেচাডাবৰী গাওঁত আদিবাসী কল্যান আৰু উন্নয়ন পৰিষদৰ অধ্যক্ষ অসীম হাসদাই নিজৰ পৰিয়ালৰ সকলো সদস্যক লৈ পথাৰত কঠিয়া ৰোপন কৰিছে। কঠিয়া ৰোপন কৰা পৰম্পৰাগত শিক্ষা নিজৰ লৰা-ছোৱালীক দিয়াৰ লগতে উঠি অহা প্ৰজন্মক খেতিপথাৰত কৃষি কাৰ্য্য শিকিবলৈ আহ্বান জনায় হাসদাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande