
গোলাঘাট, ১৬ জুলাই (হি.স.)। গোলাঘাটৰ ৰাজপথত তিনিখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে আজি উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে ৷ গোলাঘাটৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখ ভাগত চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়, গোলাঘাট বাণিজ্য মহাবিদ্যালয় আৰু হেমপ্ৰভা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে
প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে যে এইবৰ্ষত বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত বাৰ্ষিক আয়ৰ উপৰিও উপস্থিতিৰ হাৰ, পৰীক্ষাৰ ফলাফলো মাপকাঠি হিচাপে গণ্য কৰাৰ ফলত বহু শিক্ষাৰ্থীয়ে নামভৰ্তিৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে ৷ ছাত্ৰ-ছাত্ৰীসকলে উল্লেখ কৰা অনুসৰি চৰকাৰী মহাবিদ্যালয়সমূহত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা ছাত্ৰ -ছাত্ৰীসকলেহে নামভৰ্তি কৰে যাৰ বাবে নামভৰ্তিৰ বাবে বহু আৰ্থিকভাৱে দূৰ্বল ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাগ্ৰহণ প্ৰক্ৰিয়া সুচলভাৱে চলাত বাধাৰ সৃষ্টি হ’ব ৷ যাৰবাবে গোলাঘাটৰ তিনিখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ জিলা আয়ুক্তগৰাকীক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷
ছাত্ৰ-ছাত্ৰীসকলে উল্লেখ কৰে যে বিগত বৰ্ষসমূহত বিনামূলীয়া নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিৰ হাৰ আৰু পৰীক্ষাৰ ফলাফল চাই লোৱা হোৱা নাছিল কিন্তু এই বৰ্ষত উপস্থিতিৰ হাৰ আৰু পৰীক্ষাৰ ফলাফলৰ ভিত্তিত বিনামূলীয়া নামভৰ্তিৰ সুবিধা প্ৰদান নকৰাত এতিয়া বহু ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰে৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা