মালবাহী ৰে'লৰ খুন্দাত নিহত যুৱতী
ধুবুৰী, ১৬ জুলাই (হি.স.)। বিলাসীপাৰাৰ হাকামাতশৰ ৰেলপথত অঘটন l পুৱা মালবাহী ৰে''লৰ খুন্দাত নিহত এগৰাকী স্থানীয় যুৱতী। দুৰ্ঘটনাটো প্ৰত্য়ক্ষ কৰি সেই সময়ত দুৰ্ঘটনাস্থলীত উপস্থিত একাংশ ৰাইজে ধুবুৰী ৰেল আৰক্ষীক অবগত কৰে। খবৰ লাভ কৰাৰ পিছতে দুৰ্ঘটনাস্থলীত
মালবাহী ৰে'লৰ খুন্দাত নিহত যুৱতী


ধুবুৰী, ১৬ জুলাই (হি.স.)। বিলাসীপাৰাৰ হাকামাতশৰ ৰেলপথত অঘটন l পুৱা মালবাহী ৰে'লৰ খুন্দাত নিহত এগৰাকী স্থানীয় যুৱতী। দুৰ্ঘটনাটো প্ৰত্য়ক্ষ কৰি সেই সময়ত দুৰ্ঘটনাস্থলীত উপস্থিত একাংশ ৰাইজে ধুবুৰী ৰেল আৰক্ষীক অবগত কৰে। খবৰ লাভ কৰাৰ পিছতে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ধুবুৰী আৰক্ষী মৃতদেহটো ৰেল পথৰ পৰা উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰে।

নিহত যুৱতী গৰাকীক হাকামা দ্বিতীয় খণ্ডৰ হাবিজা খাতুন বুলি আৰক্ষী চিনাক্ত কৰিছে। পুৱা উন্মুক্ত ৰে'ল পথটো পাৰ হ'বলৈ লওঁতেই দুর্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষী সন্দেহ প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande