
ধুবুৰী, ১৬ জুলাই (হি.স.)। তামাৰহাটৰ বি.এছ ক্লাবত আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱসৰ লাইখুঁটা স্থাপন। অহা ২৯ জুলাইৰ দিনা দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ কেন্দ্ৰীয় ভাবে আক্ৰাছুৰ ৩৬ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ব। তাৰে প্ৰস্তুতি চলাই আজি মাংগলিক অনুষ্ঠানৰ জৰিয়তে লাইখুঁটা স্থাপন কৰা হৈছে।
উল্লেখ্য যে ১৯৯০ চনৰ ২৯ জুলাইৰ দিনা সদৌ কোচ ৰাজবংশী ছাত্ৰ ছন্থা চমুকৈ আক্ৰাছুৰ জন্ম হৈছিল আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰে ২৯ জুলাইৰ দিনটো আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ