
শোণিতপুৰ, ১৬জুলাই(হি.স.) । শোণিতপুৰত বিগত পাঁচ বছৰত বনৰীয়া হাতীৰ আক্ৰমনত নিহত হৈছে ৩০জন লোকৰ আৰু এই পাঁচবছৰত জিলা খনত বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যুৰ সংখ্যা হৈছে ১৯টা৷ বিশেষকৈ সংকুচিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতী বা হাতীৰ পোৱালী বিদ্যুৎস্পৃষ্ট হৈ,ৰে’লৰ খুন্দাত তথা নলা বা খালত পৰি মৃত্যুৰ মুখত পৰাৰ লগতে খাদ্যত বিষক্ৰিয়াৰ বাবেও মৃত্যু ঘটিছে বনৰীয়া হাতীৰ৷
উল্লেখযোগ্য যে,বৰ্তমানৰ বিশ্বনাথ জিলাকে ধৰি পূৰ্বৰ অবিভক্ত শোণিতপুৰত ভালেকেইটা প্ৰাকৃতিক হস্তী কৰিদৰ আছিল৷ অবিভক্ত শোণিতপুৰতসোণাই ৰূপাই,নামেৰীৰ পৰা ওলাই অহা বনৰীয়া হাতী শিঙৰী বনাঞ্চলৰ লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যান পৰ্যন্ত অহাযোৱা কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ চৰচাপৰি অঞ্চললৈ অহাযোৱা কৰিছিল৷একেদৰে গহপুৰ,নদুৱাৰ, চাৰিদুবাৰ আদিতো এনে হস্তী কৰিডৰ আছিল৷ডব্লিউডব্লিউএফ আৰু আন তথ্য অনুসৰি বিগত সময়ত শোণিতপুৰত ৭০শতাংশৰ অধিক বনাঞ্চল বিশেষকৈ বন্যহস্তীৰ প্ৰাকৃতিক আৱাসক্ষেত্ৰ ধ্বংস হৈছে৷একেদৰে বিলুপ্ত হৈছে বনৰীয়া হাতীৰ অহাযোৱা কৰা কৰিডৰ৷
উল্লেখযোগ্য যে,ৰাজ্যত চৰকাৰী ভাবেই চিহ্নিত মুঠ ১২টা হস্তী কৰিডৰৰ ভিতৰত শোণিতপুৰৰ তথা ডিপোটাৰ কৰিডৰটোও অন্যতম৷কিন্তু বৰ্তমান ৰাজ্যৰ লগতে শোণিতপুৰত চাহবাগিচাৰ সম্প্ৰসাৰন,ৰে’ল লাইন সম্প্ৰসাৰণ,উদ্যোগীকৰণ,গৃহনিৰ্মাণ,পকী দেৱাল নিৰ্মাণৰ পৰিণতিত বনৰীয়া হাতীৰ অহাযোৱা কৰা প্ৰাকৃতিক পথসমূহ বাধাগ্ৰস্ত হোৱাত নতুন নতুন অঞ্চলত বনৰীয়া হাতীৰ বিচৰণ তথা উপদ্ৰৱ বৃদ্ধি পাইছে৷
উল্লেখযোগ্য যে,সোণাইৰূপাই,নামেৰীৰ বনৰীয়া হাতীয়ে ঋতু ভেদে আৰু প্ৰসৱজনিত কাৰণত শীতকালত ৰঙাপৰা,বিন্দুকুৰি হৈ ডিপোটা কৰিডৰৰে ৰাষ্ট্ৰীয় ঘাঁই পথ অতিক্ৰম কৰি আৰিমৰা চাপৰিলৈ আহে৷বন বিভাগ আৰু ডব্লিউডব্লিউএফ চিহ্নিত এই কৰিডৰটোৱেই এতিয়া শোণিতপুৰত বাছি আছেগৈ যদিও সেয়া কিমানদিনলৈ থাকে সন্দেহৰ বিষয় হৈ পৰিছে৷পৰম্পৰাগতভাৱে বনৰীয়া হাতী অহাযোৱা কৰা পথ বাধাগ্ৰস্ত হ’লেই বিভ্ৰান্ত বন্যহস্তীয়ে আন একোটা নতুন অঞ্চলত প্ৰৱেশ কৰে আৰু লগে লগে আৰম্ভ হয় হাতী মানুহৰ নতুন সংঘাত৷এনে অৱস্থাত ২০২৪ত শোণিতপুৰৰ মিছামাৰীত থকা দেশৰ সেনাই লামাকেম্পৰ ৪১হেক্টৰ ভূমি বন্যপ্ৰাণী সংমণ্ডলক গতাই দিয়ে৷বৰ্তমান ইয়াত বনৰীয়া হাতীয়ে মুক্তমনে বিচৰণ কৰা দৃশ্যই যেনেদৰে বন্যপ্ৰাণী প্ৰেমী সকলক সকাহ দিছে তেনেদৰে ৰাজ্য চৰকাৰ তথা বনবিভাগে বনৰীয়া হাতীয়ে ব্যৱহাৰ কৰা প্ৰাকৃতিক পথসমূহ সুৰক্ষিত কৰি ৰাখিলে তথা মুকলি কৰিব পাৰিলে ৰাজ্যত হাতী মানুহৰ সংঘাতৰ পৰিমাণ যথেষ্ট হ্ৰাস পাব বুলিও আশা কৰা হৈছে৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ