
ধুবুৰী, ১৬ জুলাই (হি.স.)। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত পুনৰ সৰৱ হৈ পৰিছে জনগোষ্ঠীয় সংগঠন সমূহ। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো ক্ৰমান্বয়ে জটিলতাৰ দিশলৈ গতি কৰা পৰিলক্ষিত হোৱাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ শেহতীয়া মন্তব্যই ক্ষুব্ধ কৰি তুলিছে আক্ৰাছুক।
সংগঠনটোৰ ধুবুৰী জিলা সমিতিয়ে গোলকগঞ্জত কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম আৰু ৰাজ্যৰ জনজাতীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰি সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। জুৱেল ওৰাম হায় হায় আৰু ৰণোজ পেগু হায় হায় ধ্বনিৰে আকাশ বতাহ কপাই তোলে ধুবুৰী জিলা আক্ৰাছুৱে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ