যোৰহাট থিয়েটাৰত গ্ৰীষ্মকালীন নাট্য কৰ্মশালা
যোৰহাট, ১৬ জুলাই (হি.স.)। অবিৰত নাট্যযাত্ৰাৰ সেন্দূৰীয়া পথত ১৩১ বছৰ গৰকা যোৰহাট থিয়েটাৰে নৱপ্ৰজন্মৰ শিশুসকলক নাটকৰ প্ৰতি অনুৰাগ জন্মোৱাৰ বিনম্ৰ প্ৰয়াসেৰে আয়োজন কৰিছে গ্ৰীষ্মকালীন কৰ্মশালা । এই কৰ্মশালাটিয়ে যোৰহাটৰ ছাত্ৰ ছাত্ৰী সকলক বিশেষভাৱে
যোৰহাট থিয়েটাৰত গ্ৰীষ্মকালীন নাট্য কৰ্মশালা


যোৰহাট, ১৬ জুলাই (হি.স.)। অবিৰত নাট্যযাত্ৰাৰ সেন্দূৰীয়া পথত ১৩১ বছৰ গৰকা যোৰহাট থিয়েটাৰে নৱপ্ৰজন্মৰ শিশুসকলক নাটকৰ প্ৰতি অনুৰাগ জন্মোৱাৰ বিনম্ৰ প্ৰয়াসেৰে আয়োজন কৰিছে গ্ৰীষ্মকালীন কৰ্মশালা । এই কৰ্মশালাটিয়ে যোৰহাটৰ ছাত্ৰ ছাত্ৰী সকলক বিশেষভাৱে আকৰ্ষিত কৰিছে।

উল্লেখ্য যে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত সমষ্টি ভিত্তিক নাট কৰ্মশালাৰ বাবে যোৰহাট থিয়েটাৰক বাচনি কৰা হৈছে। সেই উপলক্ষে ১৫ জুলাইৰ বিয়লি ৩ বজাত যোৰহাট থিয়েটাৰৰ প্ৰেক্ষাগৃহত এটি অনুষ্ঠানৰ আয়োজন কৰা হয়। শতাধিক ছাত্ৰছাত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱ কৰ্মশালাটিৰ উদ্বোধনী অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে । অসমৰ নাট্য জগতৰ কেইবাগৰাকীও বিশিষ্ট নাট্যকাৰ, পৰিচালক তথা অভিনেতাই কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছে। বিশিষ্ট নাট্যকাৰ, পৰিচালক সপোন জ্যোতি ঠাকুৰ (দেৰগাঁও), সীমান্ত ফুকন (দেৰগাঁও), ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক,বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক হিমাংশু প্ৰসাদ দাস, জ্যোতি নাৰায়ণ নাথ(গুৱাহাটী), অঞ্জল কুমাৰ বৰা (নগাঁও), ডঃ অৰূপ বৰঠাকুৰ , ৰাজেন কুমাৰ হাজৰিকা, জয়ন্ত নাথ,বিচিত্ৰ বৰা , অঞ্জলী বৰবৰা বৰঠাকুৰ, এনএছডিৰ স্নাতক তথা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অধ্যাপক গুণমনি বৰুৱাৰ লগতে যোৰহাট থিয়েটাৰৰ অভিজ্ঞ শিল্পী সকলে প্ৰশিক্ষণ আগবঢ়াই আহিছে।

অহা ২৫ আৰু ২৬ জুলাইৰ সন্ধিয়া ৭ বজাত প্ৰশিক্ষাৰ্থীসকলে নিবেদন কৰিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ আধাৰত যোৰহাট থিয়েটাৰৰ সদস্য, যুৱ নাট্যকাৰ শ্ৰী দীপক কলিতাৰ দ্বাৰা ৰচিত পূৰ্ণাংগ নাট জ্যোতিৰ্ময় শংকৰ। নাটকখনিৰ সামগ্ৰিক পৰিকল্পনা বিশিষ্ট অভিনেতা, পৰিচালক পবিত্ৰ বৰুৱাৰ,সংগীত দীপাংকৰ জ্যোতি দত্তৰ, পোহৰ ৰাতুল বৰাৰ,মঞ্চসজ্জা বিচিত্ৰ-মানসৰ। নাট্য কৰ্মশালাৰ সমন্বয়ক হিচাপে থাকিব শৰৎ বাপী, দীপাংকৰ জ্যোতি দত্ত, ৰাহুল দত্ত, চয়নিকা বৰুৱা আৰু মন্দিতা গোস্বামী। নাট কৰ্মশালা ৩০ জুলাইলৈকে চলিব বুলি সম্পাদক পবিত্ৰ বৰুৱাই জনাইছে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande